কাষ্ঠতে ফৰিল বজ্ৰে বান্ধিলেক হিয়া।
দুৰ্জ্জনৰ বোলতে নিৰ্ব্বাস মোক দিয়া॥
কোন শত্ৰু তোমাৰ কৰিলোঁ কিবা হানি।
কৰিলা এনুৱা উগ্ৰ দণ্ড কিবা জানি॥
ছল বাদে দিলা নিয়া নিৰ্বাসক বনে।
অকস্মিতে তেজে যেন ভাৰ্য্যাক তেণ্টনে॥
ৰাক্ষসতো ধিক ইতো তোমাৰ কুমতি।
নাই একো তিলো তিৰী বধ পাপ ভীতি॥
তোমাৰ উপৰি বংশ আছিল যতেক।
কোৱা কোনে কৰিলেক এনুৱা পাতেক॥
বিনা অপৰাধত কৰিলা হেন শাস্তি।
সংসাৰ যুৰিলে ইতো মোৰ কুখিয়াতি॥
জগততে মোৰ আউব নুবুলিবে ভাল।
কৰিলেক অনাদোষে ৰামে কি নিকাল॥
আউৰ কি কৰিবে লাগি অনাইলা ইবাৰ।
যেন পোৰা গাত ঘষা সনিয়া আমাৰ॥
বন মানুষক আনি দেখুৱা সভাক।
কত নো বিগুতি মাৰা মৰাক আমাক॥
এভু তবে তোমাৰ নুপুৰে মনোৰথ।
একে জুই মৰোঁ আৰু পিপলীৰ পথ॥
বোলাইবো তোমাৰ আৰু ঘৰৰ ঘৰণী।
তেবে মোত পৰে নাই নাৰী নিলাজিনী॥
জনক ৰাজাৰ মই স্নেহৰ জীয়াৰী।
দশৰথ নৃপতিৰ প্ৰথম বোহাৰী॥
তুমি ৰাম ৰাজাৰ আমি সি মহাদৈ।
হেনতো আমাৰ হেন কৰিলা বিলাই॥
এহি বুলি মহামৰ্ম্মে গোসানী জানকী।
পৃথিবীত পৰিয়া কান্দন্ত মকামাকি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫২
অসমীয়া সাহিত্যৰ চানেকি।