দেখা দেখা ইতো কেনে স্বামীৰ মৰ্য্যাদ।
কিসক কৰিলে এত মান ছল বাদ॥
যেবে লাগে এৰিবে আগতে এৰা মোক।
গৰ্ভতে মাৰিবে চাইলা দুই গুটি পোক॥
স্বামীৰ কহন্তে গুণ শৰীৰ দগধ।
লৈবেক খোজিলা তিনি মা পোৰ বধ॥
গৰ্ভে সমে মোক মাৰি বাক শ্ৰদ্ধা ভৈল।
কৰিবেক বাকী আউৰ ৰামৰ নৰৈল॥
সবে বোলে এনুৱা ৰামক ভাল ভাল।
মইতো জানো মোৰ ৰামেসে যমকাল॥
স্বামী হেন নিদাৰুণ কৈত আছা শুনি।
চাইবো আউৰ আন মই মুখ কিবা গুণি॥
এহি বুলি জানকী কান্দন্ত মকমকি।
শোকানলে হিয়াৰ নোগুচে ভাকাভকি॥
নয়নৰ লোতক ধাৰায়ে যায় বহি।
অধো মুখে কতোক্ষণে আছিলন্ত ৰহি॥
একো মতে নোৱাৰা কৰিবে চিত্ত থিৰ।
নিশবদ লোক শোক দেখি গোসানীৰ॥
সবে বোলে আজি একো মিলিবে প্ৰমাদ।
চৰন্তেসে যাই শান্তী সীতাৰ বিষাদ॥
ধান দিলে হৱৈ আখৈ ৰামৰ মুখত।
বল্কিবে লাগিলা দেৱী দুঃসহ দুখত॥
ৰাঘৱক চাই কোপে কটাক্ষে নিৰিখি।
বোলন্ত এৰিলা মোক তুমি কিবা দেখি॥
জানাহা তেজিবা কিয় সম্বৰিলা আগে।
পূৰ্ব্বতে মৰিলোঁ হুই যেন যুৱাই ভাগে॥
কিননা ৰাম স্বামী মোৰ পুৰুষ দাৰুণ।
নুসুমৰিলাহা একো দিবসৰ গুণ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৫৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫১
ৰামায়ণ উত্তৰা কাণ্ড।