নমাতি আছিলা দেবী দুই দণ্ড মানে।
আৰকত আখি মুখ কোপ অপমানে॥
ৰামৰ ভিতিকি পিঠি দিয়া ক্ৰুদ্ধ ভাৱে।
চায় সমজ্যাক লাজ এৰি জগমাৱে॥
বুলিবে লাগিলা অতি চিত্ত অসন্তোষ।
কথা শুনি সমাজে আমাক দিবা দোষ॥
সবাতে বিদিত মোৰ ৰাম যেন স্বামী।
সেৱকিনী প্ৰায় আন বিবাহিতা আমি॥
বাপ আনে পঠাইলে গৈলেক বনবাস।
কৰিলো লগতে চৌধ বৰিষ নিৰ্ব্বাস॥
একেশ্বৰী নাৰী মই নোহো স্বতন্তৰী।
নোৱাৰিলে ৰাখিবে ৰাৱণে নিলে হৰি॥
চাহিলোঁ লঙ্কাতে তাপমানে মৰিবাক।
গৈই এই হনুমন্তে বাধিলে আমাক॥
প্ৰাণ ৰাখি আছিলোঁ স্বামীক বাট চাই।
ৰাৱণক মাৰি মোক আনিলে দুনাই॥
কৰিলা পৰীক্ষা ৰামে পেলাই অগনিত।
তথাপি নভৈল শান্ত ৰাঘৱৰ চিত্ত॥
বুলিলা বুজাই আসি পাছে বাপ জনে।
তেবে সে আমাক সম্বৰিলা শুদ্ধ মনে॥
এক চিত্তে কৰিলোহো আহাঙ্কেসে সেৱ।
মইতো জানো স্বামী সি পৰম মোৰ দেৱ॥
স্বামী তপ জপ যজ্ঞ স্বামী যোগ ধ্যান।
স্বপনে সচিতে মই নিচিন্তিলো আন॥
তথাপি আমাত আন চিত্ত বিহৰিল।
চুমাতে কামোৰ যেন অলগাত কিল॥
দুষ্টে দিলে অপযশ তাতে আন ত্ৰাস।
ছলে নিয়া দিয়ালেক আমাক নিৰ্ব্বাস॥