চিন্তা ভয়ে ৰাজাৰ দগধ ভৈল মন।
শ্ৰুতি জ্ঞান নাই আৰ হৰিল চেতন॥
দুখৰ উপৰি দুখ পাইলা মহাৰাই।
শৰীৰত মহাচিন্তা ভাগনি উধাই॥
নেদেখো উপায় আৰু আবেসে মৰণ।
বিশ্বামিত্ৰ সাগৰত নভৈল তৰণ॥
গুণি গাণ্ঠি আন একো নেদেখো প্ৰকাৰ।
আপোনাক বিকি সুজোঁ আপোনাৰ ধাৰ॥
এহিমতে কতোক্ষণ দঢ়াই আপোনাক।
অধোমুখ হৈয়া ৰাজা দিলা দীৰ্ঘ ডাক॥
আপোনাক বিকো হেৰা যাৰ আছে মন।
ভৃত্য কৰি কিনি লোৱা আনি দিয়া ধন॥
যাৱে নতু আসি হোৱে সূৰ্য্য অস্তাগত।
সত্বৰে বোলাহা আসি মোহোৰ আগত॥
এহি বুলি বাৰে বাৰে ডাকন্ত ভুপাল।
শুনি ভয়ঙ্কৰ এক আসিল চণ্ডাল॥
যেন অঙ্গাৰৰ বৰ্ণ জ্বলে কলেৱৰ।
অন্ধকূপ যেন জ্বলে নাসিকা বিবৰ॥
ডাঙ্গৰ দুগোটা চক্ষু দেখি ভয়ঙ্কৰ।
বিকট দশন ৰাজা অগ্ৰে অগ্ৰসৰ॥
ফাল্গুণৰ বায়ু যেন নাকৰ বতাস।
ওলমিছে পেট যেন বড় মৌৰ বাঁস॥
মেঘৰ গৰ্জ্জন যেন মুখত শুনি মত।
ভেঙ্গুৰা ভেঙ্গুৰ থুলন্তৰ ভৰি হাত॥
তাম্ৰ বৰ্ণ গোফ দাড়ি লোহা অলঙ্কাৰ।
হাতে জাঠি ধৰি যেন ৰাক্ষস আকাৰ॥
অনেক চণ্ডালগণে বেড়ি আছে তাক।
মই কিনিবোহো বুলি মাতিলা ৰাজাক॥
কত ধন লাগে তোক কহ মূল দৰ।
কিবা অল্প লাগে কিবা লাগয় বিস্তৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩
হৰিশ্চন্দ্ৰ উপাখ্যান।