পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
অসমীয়া সাহিত্যৰ চানেকি

এহিমতে কান্দি কান্দি ৰাজা আছে চাই।
মহাদৈক পুত্ৰ সমে দুইকো লইয়া যাই॥
বৃক্ষ গৃহ তাসম্বাৰ আঁৰ যেবে ভৈলা৷
দুনাই পৃথিবীত পৰি মূৰ্চ্ছ্বাগত হৈলা॥
সেহি সময়ত বিশ্বামিত্ৰ পাইল আসি।
উঠ উঠ ৰাজা বুলি দিলন্ত উকাশি॥
কিবা ধন পায়া আছা দিয়োক সম্প্ৰতি।
শুনি চকমক কৰি উঠিলা নৃপতি॥
ভাৰ্য্যা পুত্ৰ বিকি ধন পায়া আছে যত।
তুপলি মেলিয়া দিলে ঋষিৰ হাতত॥
অল্প ধন দেখি ঋষি সন্তোষ নভৈল।
শীঘ্ৰ উঠি নৃপতিক বুলিবে লাগিল॥
শুন অবে পাপীষ্ঠ অধম কুলাঙ্গাৰ।
এহি মানে অনুৰূপ দক্ষিণা আমাৰ॥
ঋষি হেন বুলি তই আমাক নগণি।
ক্ষুধাতুৰ জনে যাচ ভাতৰ পোতনি॥
এহি ধন পাই তোক কৰিবোহো ক্ষমা।
আজি মোৰ দেখ কেন তপৰ মহিমা॥
লৈয়ো তেবে দেখ তেবে মোৰ ব্ৰহ্মবল।
ঘোৰ চণ্ড শাপে সবে বংশ যাইবি তল॥
হেন শুনি হৰিশ্চন্দ্ৰ তৰতৰি মনে।
ভাৰ্য্যা পুত্ৰ বিকিধন পাইলো এহি মানে॥
দিবে আৰু কিছু মোৰ নাহিকে সম্পত্তি।
এতিক্ষণে ইতো ধন লৈয়ো মহামতি॥
বিশ্বামিত্ৰে বোলে আৰু নকৰিবা হেলা।
এভো আছে দিবসৰ প্ৰহৰেক বেলা॥
এয়ো বেলি খানি থাকিবোঁহো বাট চাই।
আৰু কিছু নবকিবি মোক মহাৰাই॥
এহি বুলি কপিঙ্গত বান্ধি লৈলা ধন।
কোপ মনে বিশ্বামিত্ৰ কৰিলা গমন॥