চৰণত ধৰোঁ গুৰু হুয়োক প্ৰসন্ন।
কুমৰকো কিনি লৈয়ো দিয়ো কিছু ধন॥
কৰ্ম্ম কৰিবাক নোৱাৰিবো পুত্ৰ বিনা।
সন্তাপতে মৰিবো মিছাতে মোক কিনা॥
হেন জানি মাৱ পুত্ৰ একেলগে কিনা।
নোৱাৰো ৰাখিবে প্ৰাণ ৰোহিতাশ্ব বিনা॥
হেন শুনি ব্ৰাহ্মণৰ পালটিল মন।
ৰাজাক বোলন্ত লোৱা পুত্ৰ বিকি ধন॥
যাই লগ লাগি পাশ নেৰয় মাৱৰ।
ধৰ্ম্ম ব্যৱহাৰে ধন পাস দুইহন্তৰ॥
এহি বুলি দুইৰ ধন কৰি এক ঠাই।
বাকলি বস্ত্ৰত নিয়া বান্ধিল দঢ়াই॥
মাৱ পুত্ৰ দুইক নেই এক ঠাইতে বান্ধি।
পাছত কোবান্ত দ্বিজে দুয়ো যান্ত কান্দি॥
কতি হৈয়া পড়িয়া আছন্ত ৰাজা চাই।
আগত বান্ধিয়া ভাৰ্য্যা পুত্ৰ লৈয়া যাই॥
কৰন্ত ক্ৰন্দন পৃথিবীত পৰে লুটি৷
কিবা চাই আছো প্ৰাণ কেনে নযাই ফুটি॥
হা পুত্ৰ ভাৰ্য্যা বুলি হিয়ে হানে মুঠি।
ঢাত ঢাত মাটিত পৰন্ত উঠি উঠি॥
হৃদয়ৰ মাংস কাটি কোনে লৈয়া যায়।
কৰন্ত ক্ৰন্দন তাসম্বাক চাই চাই॥
হৰি হৰি পুত্ৰ সূৰ্য্যবংশে ভৈলা জাত।
সুকোমল শৰীৰ সুন্দৰ ভৰি হাত॥
তয়ো গৈলি বিক্ৰয় জীৱন ধিক ধিক।
আউৰ কিবা দেখিয়াছো প্ৰাণ নজাই কিক॥
হা প্ৰাণেশ্বৰী হা হা ৰোহিতাশ্ব পুত্ৰ।
তোমাসাক বান্ধি নেই কৈৰ যমদূত॥
হেনয় অৱস্থা ভৈল মোৰ কৰ্ম্ম ফলে।
জীৱো কিক লাগি আবে যাওঁ ৰসাতলে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
হৰিশ্চন্দ্ৰ উপাখ্যান।