পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
অসমীয়া সাহিত্যৰ চানেকি।

উঠি কিবা লইৰি বুলি ব্ৰাহ্মণে মাতন্ত।
অচেতন ভৈল ৰাজা নেদন্ত সিদ্ধান্ত॥
কণ্ঠৰ নোলাই মাত বিহ্বল পৰাই।
তবধ নয়নে ৰাজা থাকিলন্ত চাই॥
হেন দেখি দ্বিজৰ কৃপিত ভৈল মন।
আপোন গাণ্ঠিৰ শোলকাই আনে ধন॥
ৰাজাৰ গাৱৰ বাকলিত বান্ধি থৈলা।
উঠ অবে দাসী বুলি মাতিবাক লৈলা॥
শৈব্যায়ে বোলন্ত বৈয়ো খানিতেক লাগি।
স্বামীক মাতিয়া যাওঁ ই জন্মক লাগি॥
প্ৰাণনাথ এবে দেখা দেখি আজি যাই।
পৰিচ্ছেদা কৰি খানিতেক থাকো চাই॥
হেন শুনি খঙ্গাইলে ব্ৰাহ্মণ অহঙ্কাৰী।
কোলাৰ শিশুক ধৰি লৈ যান্ত আজুৰি॥
কৈৰ স্বামী পাইলি বুলি কিল মাৰে ধৰি।
ৰাম হাতে চুলে ধৰি লৈ যান্ত আজুৰি॥
মহাদই বোলে গুৰু এৰা এৰা মোক।
চক্ষু গোট মেলি চাওঁ ৰোহিতাশ্ব পোক॥
মাৱৰ পুত্ৰৰ দেখা দেখি আজি যাই।
চাওঁ মই নেত্ৰ ভৰি স্নেহৰ পুতাই॥
ভৈলা কুলক্ষণী অজি ব্ৰাহ্মণৰ দাসী৷
তই ৰাজকুমৰ নুছুবি মোক আসি॥
এহি বুলি আৰ্ত্তৰাৱে কৰন্ত ক্ৰন্দন।
মাৱৰ বচন শুনি ৰাজাৰ নন্দন॥
মাৱ মাৱ বুলি খেদি গৈলা পুত্ৰখানি।
দেখি বৃদ্ধ ব্ৰাহ্মণে মাৰিলে লাঠি হানি॥
আইস বুলি তথাপি চাপিল আসি পাশ।
মাৱক সাবটি ধৰি পাৰন্ত আটাস॥
হেন দেখি মহাদই কৰন্ত কাতৰ।
নমাৰা নমাৰা গুৰু মৰিবে কুমৰ॥