একে গোপী স্ত্ৰী জাতি, আৰু ব্যভিচাৰী আতি,
সদায় বনত ভ্ৰমে মাত্ৰ।
আশ্চৰ্য্য দেখোহোঁ কিনো, এসম্বো কৃষ্ণৰ পুমু,
পৰম ভক্তিৰ ভৈলা পাত্ৰ।
জানিলো পাপীও নিতে, ভজোক একান্ত চিত্তে,
শ্ৰৱণ কীৰ্ত্তন অনুক্ষণে।
এতেকতে পাৱে পাৰ, পৰম কল্যাণ তাৰ,
সাক্ষাত সাধন্ত নাৰায়ণে॥
কৃষ্ণৰ ভকতি আতি, নচাৱে চাব আতি,
জগতৰে মহা হিতকৰ।
যেন অমৃতক পাইলে, যেই সেই মতে খাইলে,
সবে হয় অজৰ অমৰ।
ৰাস-ক্ৰীড়া উৎসৱ, কৃষ্ণ দেৱ আনন্দত,
কণ্ঠত ধৰন্ত বাহু মেলি।
অত্যন্ত অপূৰ্ব্ব যিটো, প্ৰসাদ পাইলেক গোপী,
কেশৱে কৰন্ত ৰাসকেলী॥
পৰম পদ্মিনী যত, দেৱবো সুন্দৰী সৱে,
কটাক্ষ চক্ষুৱে নতুদেখে।
বক্ষঃস্থলে থাকি লক্ষী, নপান্ত প্ৰসাদ সিটো,
সামান্য নাৰীক কোনে লেখে।
আছোক গোপাৰ ভাগ্য, কতেক বৰ্ণাইবো মুখে,
মোহোৰ বাঞ্ছনি এহিমানে।
গোপীৰ চৰণ ৰেণু, যিতো কুলৱন্তে পাৱে,
এহি মহা বৃন্দাবন স্থানে।
ইহাৰ মাজত মজি, একত্ৰয় হও যেবে,
তেৱেতো মোহোৰ বৰ ভাগ।
পৰম ভকত ইটো, গোপ বধূ সমস্তৰ,
সদাই ধূলিক পাইবো লাগ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
অসমীয়া সাহিত্যৰ চানেকি।