কৃষ্ণব কৃপাত আসি লভিলা সম্প্ৰতি।
জানিয়া কৃষ্ণত কৰা একান্ত ভকতি॥
পৰম বান্ধৱ মাধৱৰ নাম গুণ।
শ্ৰৱণ মাত্ৰকে পাই জগতৰ পুণ্য॥
পাপে সি বেড়ায় এৰিলে হৰিনাম।
হেন জানি সদায় ঘুষিও ৰাম ৰাম।
ছবি।
পৰম ভকত গোপী, সবাকো প্ৰণামি পাছে,
বখনন্ত উদ্ধৱ মহন্ত।
এহিসে গোপীকাগণ, সক্ষল ধৰিলা জন্ম,
দুৰ্লভ ভাৰত বৰিষত॥
জগতেৰ অন্তৰ্য্যামী, ঈশ্বৰ পুৰুষ হৰি,
চৰাচৰে সেৱে যাৰ পাৱ।
ইটো গোপ বন্ধু গণে, তাহান্ত একান্ত মনে,
পাইলেক পৰম প্ৰেম ভাৱ॥
এহিটো ভকত বাঞ্ছো, যতেক ভকত আমি,
আন যত জীৱন্ত মুকুত।
ব্ৰহ্মাৰ দুৰ্লভ ভাৱ, ইটো গোপীগণে পাইলা,
কিনে ভৈলা পৰম অদ্ভুত॥
জানিলো ব্ৰাহ্মণ জন্ম, হৈবেক নলাগে তাৰ,
যিটো কৃষ্ণ কথাত ৰসিক।
যৈতে তৈতে হোক জন্ম, সি সি জন সৰ্ব্বোত্তম,
যাৰ শ্ৰদ্ধা হৰি ভকতিক॥
জাতি কুলচাৰ ধৰ্ম্ম, কোন কাৰ্য্য সাধিবেক,
জ্ঞানে কেন কাৰ্য্যত শকত।
অজ্ঞানী অজাতি পাপী, কৃষ্ণক ভজোক যিবা,
তাৰ হৈব পৰম মহত্ব॥