পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
অসমীয়া সাহিত্যৰ চানেকি।


কতো গোপী কৃৃৃৃৃষ্ণৰ চৰণ মনে ছুই।
পৰি আছে নিৰ্ভয় আনন্দ মৌন হুই॥
ধাৰায়ে বহয় নয়নৰ নীৰ ঝৰি।
আনন্দ মূৰ্ত্তিক হৃদয়ত থাকে ধৰি॥
পৰম ভক্তি সৰ্ব্ব তনু পুলকিত।
কৃষ্ণতে অৰ্পিলা নিৰন্তৰে প্ৰাণচিত॥
কৃষ্ণকেসে লাগিয়া বিহ্বল কৰে মন।
নাহিকে কাহাৰো সিটো গাৱত চেতন॥
গোপী সকলৰ হেন ভকতি উত্তম।
দেখিয়া উদ্ধৱে পাইলা প্ৰীতিক পৰম॥
প্ৰত্যেকে যে পৰি কৰিলন্ত নমস্কাৰ।
পৰম বিস্ময়ে প্ৰসংশিলা বাৰে বাৰ॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সভাসদ।
জানা হৰি ভকতিসে পৰম সম্পদ॥
ইন্দ্ৰ ব্ৰহ্মা পদতো কালৰ নেৰাই হাত।
হৰি ভকতিসে তৰি যম যাতনাত॥
মায়াৰ ৰচনা পুত্ৰ দাবা ধন জন।
সব পৰি হৰি ধৰা কৃষ্ণৰ চৰণ॥
কেতিক্ষণে মিলে আসি দুৰ্ঘোৰ মৰণ।
হৰি গুণ নাম কৰা শ্ৰৱন কীৰ্ত্তন॥
কলি যুগে আউৰ আত পৰে গতি নাই।
বুঝিয়ো শাস্ত্ৰৰ ধৰ্ম্ম যুগ ধৰ্ম্ম চাই॥
জানিবা কলিসে চাৰিযুগ মধ্যে সাৰ।
শ্ৰৱণ কীৰ্ত্তনে তৰা দূৰ্ঘোৰ সংসাৰ॥
সত্যাদিৰ লোক কৰে মনত বাঞ্ছিত।
কৈসানি নো জন্ম আমি লভিবো কলিত॥
হৰি গুণ নাম কৰি শ্ৰৱণ কীৰ্ত্তন।
অৱশ্যে হৈবোহো ভাই হৰি পৰায়ন॥
হেন কলি যুগত দুৰ্লভ নৰতনু।
এক কোটি কল্প অনন্তৰে নপাই পুনু॥