মিলিলে সুভাগ্য ভৈলা বিধাতা প্ৰসন্ন।
হেন লাভ ভকতৰ দেখিলো চৰণ॥
উদ্ধৱৰ প্ৰবোধে জুৰাইলা গোপীগণ।
এৰাই বিৰহ তাপ ভৈলা সুস্থ মন॥
এহি গোটা বিষ্ণু এহি আতমা আমাৰ।
হেন বুলি উদ্ধৱক কৰিলে সৎকাৰ॥
গন্ধ পুষ্প ধূপ দীপ নানা উপহাৰে।
পূজিলেক উদ্ধৱক অনেক সম্ভাৰে॥
গোপীৰ গুচায়া ক্লেশ মুখ্য হৰিদাস।
ব্ৰজত বসিলা পাছে কতিপয় মাস॥
লীলা কথা কৃষ্ণৰ কহিলা সৰ্ব্বদায়।
থাকিলন্ত গোকুলৰ আনন্দ বঢ়ায়॥
ৰাতি দিনে গোপীগণে নেৰে সন্নিহিত।
আনন্দে উদ্ধৱ কন্ত কৃষ্ণৰ চৰিত॥
যত দিন হৰিদাস আছিল ব্ৰজত।
ক্ষণ প্ৰায় গৈলা গোপী সবৰ মনত॥
বৈষ্ণৱৰ আলাপত মোহ ভৈলা হীন।
কৃষ্ণৰ কথাত নজানিল ৰাতি দিন॥
বিকসিত বৃন্দাবন গিৰি গোবৰ্দ্ধন।
কালিন্দী নদীক দেখি অতি অনুপাম॥
সুমৰন্তে কৃষ্ণক ভ্ৰমন্তে হৰিদাস।
হৃদয়ত হন্ত হৰি চৰণ প্ৰকাশ॥
আনন্দে গোপীকা গণে কৃষ্ণ গুণ গাৱে।
ঝৰে নয়নৰ নীৰ অতি প্ৰেম ভাৱে॥
পুলকিত তনু কতো মকমকি কান্দে।
হেৰা পাইলোঁ বুলি কৃষ্ণ কতো গলে বান্ধে॥
কৃষ্ণ গ্ৰাহে ধৰে কতো গোপীৰ হৃদয়।
তবধ নয়নে থাকে দেখি কৃষ্ণময়॥
কৃষ্ণ কৃষ্ণ বুলি কতো কৃষ্ণক সুমৰে।
মই কৃষ্ণ বুলি কতো কৃষ্ণ লীলা কৰে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
উদ্ধৱ সংবাদ।