সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
উদ্ধৱ সংবাদ।

নিদিবি বিষ্ণুক দান বলি হেন জানি।
কপটীক কপট কৰিলে নাহি হানি॥
তই যেবে জীবে লাগে উপায় হেন গুণ।
আত্মাঘাত নকৰ মোহোৰ বুদ্ধি শুন॥
নষ্ট নৌক দৈত্যকুল নেদ হৃদিখেদ।
আমাসাক নামাৰ নকৰ আশাছেদ॥
আগ পাছ চিনাই আনো বুলিলা বিস্তৰ।
চক্ষু পকাই শুক্ৰক চাহন্ত দামোদৰ॥
নাই শ্ৰুতি শুক্ৰৰ নচান্ত মাথা তুলি।
যজমান নষ্ট ভৈল বুড়িল সমূলি॥
শুনিয়োক এক মনে সবে সভাসদ।
পাতকৰ যম দূত ভাগৱত পদ॥
ভণিলা শঙ্কৰে যাৰ বৈকুণ্ঠত কাম।
আন কথা এড়ি সবে বোলা ৰাম ৰাম॥



উদ্ধৱ সংবাদ।
পদ।

শুক নিবদতি শুনিয়োক পৰীক্ষিত।
কেশৱৰ শুনি বাক্য বচন অমৃত॥
ভৈলা অতি প্ৰীতি পাই গাৱত চেতন।
দুনাই উদ্ধত কথা সোধে গোপীগণ॥
গোবিন্দৰ বাৰ্ত্তা কহ বান্ধৱ উদ্ধৱ।
মথুৰাত কুশলে কি আছন্ত মাধৱ॥
চিৰকালে পাইলা পিতা মাতাৰ সমীপ।
অতি আনন্দিত যদুকুলৰ প্ৰদীপ॥
যাদৱ বংশৰ বৈৰী কংস দুৰাচাৰ।
সসৈন্য মৰিল কিনো আনন্দ আমাৰ॥

১৭