পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮
অসমীয়া সাহিত্যৰ চানেকি।

তোমাৰ ঐশ্বৰ্য্য যশ আয়ু শ্ৰীমান।
আজি কাঢ়ি বামনে ইন্দ্ৰক দিবে দান॥
ত্ৰৈলোক্য লৈবন্ত কাঢ়ি তিনি পদ ছলে।
হেন জান বলি তই গৈলি ৰসাতলে॥
দানৱ কুলকো দিলি বিপদ দুৰ্ঘোৰ।
খাইবে খুটিবাক কিছু নথাকিলে তোৰ॥
সকলে সৰ্বস্ব দিয়া বিষ্ণুক সম্পতি।
জাবি কেন মতে তই কহ দৈত্যপতি॥
তিনি পদ দান তোৰ নহৈবে সাম্ফল।
এক ভৰি জুৰিবে পৃথিবী ৰসাতল॥
আৰু পদে স্বৰ্গক লঙ্ঘিবে লক্ষীপতি।
তৃতীয় পদৰ পাছে কেনে হৈব গতি॥
তুষিয়া নেদেস যদি পতিশ্ৰুত দান।
নিশ্চয়ে কহিলো হুইবে নৰকত থান॥
যিবা দিবি তাহাৰো নপাইবি একো পুণ্য।
কি কাম কৰিলি বলিৰাই মনে গুণ॥
যিটো দান কৰন্তে বৃত্তিৰ হোৱে ছেদ।
কিছু পুণ্য নাহি মিছা মাত্ৰ পাৱে খেদ॥
জীবিকা থাকিলে পাই সবে সদ কৰ্ম্ম।
প্ৰতিদিনে সিজে দান তপ যজ্ঞ ধৰ্ম্ম॥
শুনিয়োক বলি যেন শাস্ত্ৰৰ বিহিত।
পাঞ্চ ভাগ কৰি বিভাগিবে নিজ বিত্ত॥
ধৰ্ম্ম অৰ্থ কাম যশ পুত্ৰৰ নিদানে।
তেবেসে থাকিবে পাই সুখে সৰ্ব্ব স্থানে।
সুৰতি বিবাহ প্ৰাণ শঙ্কটৰ ত্ৰাসে।
গো ব্ৰাহ্মণৰ অৰ্থে সৰ্ব্বস্ব বিনাশে॥
এতেকতে মিছা মাতিলেও নাহি পাপ।
হেন জানি অঙ্গীকাৰ এড়া বলি বাপ॥
আসিয়া আছন্ত হৰি ছলিবাক লাগি।
ত্ৰৈলক্যক লৈবন্ত কপট কৰি মাগি॥