পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
বলি ছলন।

সপ্ত দ্বীপা পৃথিবী কৰিলা অধিকাৰ।
তথাপি তৃষ্ণাৰ কেহোঁ নপাইলেক পাৰ॥
ইণ্ডিয়ক দমি যিটো নকৰে আক্ৰোশ।
সি সি মহা সুখী যিটো অল্পতে সন্তোষ॥
অসন্তুষ্ট প্ৰাণীৰ নখণ্ডে মন দুঃখ।
ত্ৰৈলোক্যৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ॥
যেহি পাৱে তাতে মহা তুষ্ট হোৱে মন।
তেবেসে বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ॥
সন্তোষে সমস্তে তেজক কৰে ঠাই।
যেন জল পড়ি অগ্নি নিৰ্ব্বাণক পাই॥
হেন জানি ৰাজা মই এড়িলো আক্ৰোশ।
তিনি পদ ভূমি পাইলে মোহোৰ সন্তোষ॥
এতেকে কৃতাৰ্থ মোক নলাগয় আন।
প্ৰতিজ্ঞাক সাম্ফলি সত্বৰে দিয়া দান॥
হেন শুনি হাসি বলি দিলন্ত উত্তৰ।
দৰিদ্ৰৰ মুখে কিবা আসিবে বিস্তৰ॥
সংসাৰৰ সুখত বঞ্চিত ভৈলা তুমি।
লৈয়োক বামন বটু তিনি পদ ভূমি॥
ডাকি বলি মহাদৈক বোলে জল আন।
সঞি হাতে উৎসৰ্গি বটুক দেওঁ দান॥
নুহিকন্ত বামন সাক্ষাতে দেৱ হৰি।
বামন স্বৰূপে আসি আছে ছদ্ম কৰি॥
এহি বুলি বলি তিল কুশ লৈলা তুলি।
শুক্ৰে নিষেধিলা অৰে ৰহ ৰহ বুলি।
কাক দান দিবে চাস ভৈলি সৰ্ব্বনাশ।
কপটী বটুৰ বলি আটা নতু পাস॥
কশ্যপত হন্তে অদিতিত ভৈলা আসি।
দেৱৰ সাধিবে কাৰ্য্য দৈত্যক বিনাশি॥
নজানি কৰিলি বলি দিবে অঙ্গীকাৰ।
আপুনি চিন্তিলি আপোনাৰ মহামাৰ॥