বৰাহো ধাইলেক পাছে পৃথিবীক থৈই।
দেখি দৈত্য কোবেক বৈসাল গদা লই॥
বৰাহো দিলন্ত পাছে লাঠিৰ প্ৰহাৰ।
চৱৰতে গাল কৰিলেক ভিণ্ডাকাৰ॥
দুইক দুই পাছে ধৰিলেক মাল বন্ধে।
কৰে জড়াজড়ি কৰি ভৰি ভৰি চান্দে॥
হাৰ ঘাৰ মাৰে কতো গোৰ ঘৰা কাতি।
প্ৰাণৰ শঙ্কট কতো দুইৰো মিলে আতি॥
আছৰন্ত বৰাহে দৈত্যক কুহু বুলি।
দানৱে আছাৰে মহা বৰাহক তুলি॥
অনেক হাজাৰ যুগ নাহি ভঙ্গজয়।
দুইহানো যুদ্ধতে যাই জগতে প্ৰলয়॥
মহা ছোটে বৰাহে দেখন্ত কুঁৱাকুঁই।
সমুখে নোৱাৰি ধৰিলন্ত পাছ হুই॥
কঙ্কালত ধৰি তুলি পেলাইলা আক্ৰান্তে।
উপৰত উঠি ছিৰি পেলাইলেক দান্তে॥
হিৰণ্যাক্ষ বীৰক মাৰিয়া কথমপি।
জিনিলোহোঁ নোবোলয় বৰাহে অদ্যাপি॥
হিৰণ্যাক্ষ বীৰৰ মহিমা কি কহিবোঁ।
যাহাৰ প্ৰহাৰে হৰি বোলন্ত নিজীবোঁ॥
আজিয়ো দুঃখাই গাৱ মহা পীড়া পাই।
শুনা যেন কৰিলে তাহাৰ জেষ্ঠ ভাই॥
ভ্ৰাতৃ বধ শুনি পাছে হিৰণ্যকশিপু।
মাধৱত বিনে মোৰ আন নাহি ৰিপু॥
কৰে শূল ধৰিয়া সুৰ মহাৰাগি।
দিলেক লৱড় পাছে বৈকুণ্ঠক লাগি॥
যুগান্তৰ যমে যেন ক্ৰোধে খেদি যাই।
অশেষ গৰ্জ্জন কৰি স্বৰ্গক কম্পাই॥
হেন দেখি হৰি পাছে চিন্তন্ত উপাই।
ইটো ঘোৰ দৈত্যে পাইলে মোৰ ৰক্ষা নাই॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
বলি ছলন।