সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
অসমীয়া সাহিত্যৰ চানেকি।

সুবৰ্ণ ৰজত আনো অমূল্য ৰতন।
মাগা দেওঁ বিশিষ্ট বিপ্ৰৰ কন্যাগণ॥
দাসী দাস গ্ৰাম্য দেশ ৰগ গজ বাজী।
খোজা মানে দিবো মোৰ অঙ্গীকাৰ আজি॥
হেন শুনি কপট বামনে পাছে হাসি।
মাতন্ত বলিক চাই দশন প্ৰকাশি॥
ধন্য ধন্য কুলৰ প্ৰদীপ দৈত্যৰাজ।
ভৈলো মহা সন্তুষ্ট তোমাৰ দেখি কাজ॥
যাৰ পিতামহ ভৈল বৈষ্ণৱ প্ৰহলাদ।
একো কালে নাহি জানা তাহাৰ প্ৰমাদ॥
মহাজ্ঞানী শুক্ৰ ঋষি যাৰ পুৰোহিত।
তাৰ কি হুইবেক আৰ নিদিবাৰ চিত্ত॥
তোমাৰ বংশত নভৈলেক একোজন।
নিশৃক কুদাতা দুঃখী দৰিদ্ৰ কৃপণ॥
সবে মহাবড়া সৰ্ব্বকালে সাৰ সুখ।
কদাচিতো মাগন্তাক নকৰে বিমুখ॥
উপৰি বংশৰ কথা শুনা বলি বাই।
হিৰণ্ক্ষ হিৰণ্যকশিপু দুই ভাই॥
স্বৰ্গত ভৈলন্ত ৰাজা ইন্দ্ৰক খেদাই।
হিৰণ্যাক্ষে ফুৰে পাছে পৃথিবী কম্পাই॥
কৰে গদা ধৰি যেন দিগ্‌গজ প্ৰবুধ।
সকলে পৃথিবী খুজি নপাইলেক যুদ্ধ॥
পাছে সাগৰত মাগিলেক যুদ্ধ দান।
দেখিয়া সাগৰ ভয়ে তৰেতৰিমান॥
দৈত্যক বোলন্ত তোক বলে নোহো সম।
বৰাহ স্বৰূপে হৰি তোৰ হৈব যম॥
আনন্ত জলৰ হন্তে পৃথিবী উদ্ধৰি।
যুদ্ধ লাগে যেবে তাঙ্ক ধাৱ শীঘ্ৰ কৰি॥
হেন শুনি হিৰণ্যাক্ষে গদা গোট তুলি।
সাগৰক এড়ি ধাইল বৰাহক বুলি॥