পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
বলি ছলন।

ললিত বলিত অঙ্গ সৰ্ব্ব সুকুমাৰ।
শৰীৰৰ জ্যোতিক দেখন্তে চমৎকাৰ॥
যেন অগ্নি খণ্ড বাজ ভৈলা মুৰ্ত্তি ধৰি।
ঋত্বিজ আচাৰ্য্যো আগ বাঢ়িলা সদৰি॥
বামনক দেখি বলি উত্ৰাৱল মন।
মাথাত কৰিয়া দিলা সুবৰ্ণ আসন॥
ৰজাক আশংসি তাকে বসিলা মুৰাৰি।
আনো ঋষিগণক আসন দিলা পাৰি॥
বসিয়া পাতিলা পাছে বহল সমাজ।
বামনক দেখিয়া সানন্দ দৈত্যৰাজ॥
কৰ যোৰে প্ৰদক্ষিণ কৰি সাতবাৰ।
দণ্ডৱতে পৰিয়া কৰিলা নমস্কাৰ॥
উঠি পুনৰপি আপোনাৰ মেলি চুলি।
বামনৰ চৰণৰ মলচিলা ধূলি॥
সুবৰ্ণৰ পাত্ৰ যোগাইলন্ত বিন্ধ্যাৱলী।
বামনৰ পাদ পদ্ম পখালিলা বলি॥
ভৃঙ্গাৰ ধৰিয়া পটেশ্বৰী দেন্ত পানি।
অনেক ভকতি কৰিলন্ত দুয়ো প্ৰাণী॥
কৰিলা দৈত্যেন্দ্ৰ পাদোদকক সন্মান।
শিৰত ঢালিয়া ৰঙ্গে কৰিলন্ত স্নান॥
যিটো পাদোদক হৰে ধৰি আছে শিৰে।
সিটো জলে দৈত্যেন্দ্ৰে তিয়াইলা সশৰীৰে॥
কৃতকৃত্য হুয়া পাছে মহাৰাজ বলি।
বামনক নমিয়া কৰিলা কৃতাঞ্জলি॥
কুশলে কি ভৈল যজ্ঞশালাত প্ৰৱেশ।
কোন কৰ্ম্ম কৰো আবে কৰিয়ো আদেশ॥
কি মতে কাঢ়িলা খোজ সুকোমল ভৰি।
কিবা আসি আছা সবে তপে মূৰ্ত্তি ধৰি॥
প্ৰাৰ্থিবাক আসি আছা জানিলোঁ ঈঙ্গিত।
যিবা লাগে বটু আবে খোজা ধন বিত্ত॥