পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৯
বলি ছলন।

দেখি যত নৰনাৰী।
চাই থাকে সাৰি সাৰি॥
পৰম সুন্দৰ মুখ।
দৰশনে হৰে দুঃখ॥
আনন্দে লোতক জৰে।
নেত্ৰে যেন পান কৰে॥
দেখি ৰূপ বিপৰীত।
তাহাত মজয় চিত্ত॥
আন না পেখয়ে আখি।
বামনো প্ৰজাক দেখি॥
চলি যান্ত ধীৰে ধীৰে।
নৰ্মদা নদীৰ তীৰে॥
দিব্য বটু ৰূপ ধৰি।
চলন্ত বামন হৰি॥
যেন অগনিৰ জ্বালা।
পাইল গৈয়া যজ্ঞশালা॥
অনন্তৰে বলি ৰাজা।
যত আছে দৈত্য প্ৰজা॥
বামনক দেখিলন্ত।
উঠি সবে নিহালন্ত॥
যত পুৰোহিত ৰাশি।
বামনৰ ৰশ্মি আসি॥
নিষ্প্ৰভ কৰিল আতি।
সূৰ্য্য আগে যেন বাতি॥
সমস্তে নিস্তেজ প্ৰায়।
অন্যো অন্যে বোলে চায়॥
দেখা আসে কোন ঋষি।
জানিলোহোঁ বিমৰিষ॥
আসন্ত আদিত্য চলি।
চাহিবাক যজ্ঞ স্থলি॥