সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
অসমীয়া সাহিত্যৰ চানেকি।

কটিত কপীন উড়ে অজীণ উত্তৰি।
ব্ৰহ্মঋষিগণে যান্ত চৌপাশে আবৰি॥
সিদ্ধগণে প্ৰতি বোলে আকাশত থাকি।
বৰিষন্ত পূষ্প বামনৰ কায় ঢাকি॥
মন্দ সুগভীৰ মেঘে আকাশত গাজে।
দেৱ-বাদ্য যতেক আপুনি সবে বাজে॥
হেন সুমঙ্গলে চলি শান্ত হৃষিকেশ।
ধৰি অতি অদ্ভুত বালক বটু বেশ॥
স্বৰ্গ এড়ি পৃথিবীক পাইলা কতক্ষণে।
বোলা ৰাম ৰাম সমজ্যাৰ যত জনে॥



ঝুমুৰি।

কপট বামনে পাছে।
লড়ি যান্ত দিব্য কাছে॥
পৰম গম্ভীৰ ভাৱে।
কাম্পে ভূমি পাৱে পাৱে॥
অগনিৰ শিখা প্ৰায়।
শৰীৰ জলন্তে যায়॥
ঋষিগণে বেদ পঢ়ি।
চতুৰ্ভিতি যান্ত বেঢ়ি॥
মেঘে আকাশত থাকি।
ছায়া কৰি যান্ত ঢাকি॥
সমস্তে দেৱতা চয়ে।
মেঘত লুকাৱে ভয়ে॥
বামনৰ লগে যান্ত।
ভুমুকি মাৰিয়া চান্ত॥
হুয়োক বামন জয়।
খণ্ডেক আমাৰ ভয়॥