পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
বলি ছলন।

এহি বুলি দেৱ মাতা যুৰিলা ক্ৰন্দন।
কৈক গৈলি ইন্দ্ৰ পুতাই কুলৰ নন্দন॥
কোন স্থানে আছা আবে ভিক্ষা মাগি খাই।
খাবতো নখাই কেহো তোহোৰ বিলাই॥
হৰি হৰি শচী মাৱ পঢিলি দুঃখতে।
ইটো ঘোৰ নিকাৰত জীবি কেনমতে॥
ইটো চক্ষু তোমাসাৰ নেদেখিলো ভাল।
কোন বিধি লিখিলেক মোহোৰ কপালে॥
কৰন্ত বিলাপ এহিমতে মহাসতী।
বামনে প্ৰবোধ দেন্ত অনেক যুগুতি॥
এড়িয়ে সন্তাপ মাৱ মলচিয়ো মুখ।
চক্ৰাকাৰে ঘূৰে সংসাৰৰ সুখ দুঃখ॥
আপদ সম্পদ দুয়ো মিলে কৰ্ম্ম গতি।
দৈৱক বাধিবে কাৰ বাপৰ শকতি॥
হেন জানি মাৱ মন কৰিয়োক স্বস্থ।
গুচিবে বিপদ হুইবে সবে মনোৰথ॥
কত দেখি থাকিবে তোমাৰ হৃদিখেদ।
কৰো আজি সকলে দুঃখৰ পৰিছেদ॥
হেন জানা ত্ৰিদশৰ গুচিল দুৰ্গতি।
এহিসে কাৰ্য্যক লাগি মোৰ উতপতি॥
মই অগনিক কি কৰিবে দৈত্য তৃণে।
সিংহক জোঙ্কাইতে পাৰে কহিত হৰিণে॥
যাও যজ্ঞশালাক দিয়োক অনুমতি।
হেন শুনি পাছে স্বস্থ ভৈলন্ত অদিতি॥
কৰাইলা সুতক যাত্ৰা শুভ ঘট পাতি।
দিয়াইলা উৰুলি কন্যাগণ অনাই মাতি॥
শিৰে দুৰ্ব্বাক্ষত দিলা আশীৰ্বাদ পঢ়ি।
শুভক্ষণ বেলাত বামন গৈলা লড়ি॥
মধ্যাহ্নৰ সূৰ্য্য যেন দেহা কৰে জ্যোতি।
হাতে দিব্য কমণ্ডলু কান্ধে নৱ ছাতি॥