ত্ৰৈলোক্যৰ সম্ভাৰ কৰিয়া এক থান।
পৰম আনন্দে দৈত্য পতি কৰে দান॥
আসাশ্বত ধন জন হাসৰ সংসাৰ।
এহি বুলি ৰাজ আৰ নৰাখে ভাৰ॥
জগতকে সন্তোষিলা মহাদান কৰি।
দৰিদ্ৰ ভৈল দুখী ভি দেশান্তৰি॥
মহাজ্ঞানৱন্ত বলি পৰম পণ্ডিত।
সুৱৰ্ণৰ যুপে ভূমি কৰিলা মণ্ডিত॥
সবান্ধৱে প্ৰৱন্ধে যজ শুক্ৰ ঋষি।
বলিৰ নিৰ্ম্মল যশ ভ্ৰমে দশোদিশি॥
নটে ভাটে কীৰ্তি কহি ফুৰে ঠাই ঠাই।
বলিৰ সমান দানী ত্ৰৈলোক্যতে নাই॥
সমস্ত প্ৰজাক ধৰ্ম্ম পথত স্থাপিল।
পৃথিবী পাতাল স্বৰ্গ যশে বিয়পিল॥
যজ্ঞৰ কথাক পাছে শুনি নাৰায়ণ।
ঋষিগণ সহিতে কৰিলা আলোচন॥
যেই যিবা খোজে বলি তাকে দেই দান।
আসা আমি শীঘ্ৰে গৈয়া দেখো যজ্ঞস্থান॥
বামনৰ বচনে উঠিলা সবে ঋষি।
দেখি নাৰায়ণে গাৱ চালিলা হৰিষি॥
মেলানি মাগিয়া পাছে মাতৃক প্ৰণমি।
বলিৰ যজ্ঞক দেখিবাক যাওঁ আমি॥
শুনি অদিতিৰ মনে মিলিল বিষাদ।
ৰাত্ৰি দিনে দৈত্যে মোক নেড়ে বিসম্বাদ॥
কেন মতে যাইবা পুতাই শত্ৰুৰ সমাজ।
জানো কূটনাট কৰি মাৰে দৈত্যৰাজ॥
সৰ্ব্ব গাৱ মৰি কৰঙ্গনে জলে বাতি।
ত্ৰিদশৰ শোকে মোক পেড়ে দিনে ৰাতি॥
দানৱৰ ভয়ত গৃহতে ধাতু উড়ে।
তোকে হৰুৱাও যোনো সমূলঞ্চে বুৰে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
অসমীয়া সাহিত্যৰ চানেকি।