পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
বলি ছলন।

দিব্য কমণ্ডলু গোট ব্ৰহ্মা দিলা উঠি।
সপ্ত ঋষিগণে আনি দিলা কুশ মুঠি॥
গৌৰৱে যোগাইলা অক্ষ মালা ভগৱতী।
ভিক্ষা পাত্ৰ দিলন্ত কুবেৰ যক্ষ পতি॥
ভক্ষা আনি দিলন্ত অম্বিকা বৰনাৰী।
ভৈলন্ত বামন বটু দিব ব্ৰহ্মচাৰী॥
প্ৰকাশন্ত বসি দিব্য ঋষিৰ সমাজে।
সূৰ্য্যৰ ৰশ্মিকক ঢাকি শৰীৰ বিৰাজে॥
পূৰ্ণ চন্দ্ৰ সম শোভে সুন্দৰ বদন।
কনক কমল দল আয়ত লোচন॥
উন্নত নাসিকা দন্ত মুকুতাৰ সাৰি।
হাস্যতে মোহিত হোৱে যত দিব্য নাৰী॥
মনোহৰ কম্বুকণ্ঠ বহল হৃদয়।
নাভি সুগভীৰ যেন নব কিসলয়॥
আজানুলম্বিত দেখি বাহু দুই খান।
মোলানৰ পাৱ যেন বলিত সুঠান॥
বিচিত্ৰ বৰ্ত্তুল চাৰু উৰু ৰাম কল।
দেখি সুখী হুই দুই চৰণ কমল॥
প্ৰকাশন্তে আছে তাত নখ চন্দ্ৰচয়।
দৰশনে নষ্ট হোৱে ভকতৰ ভয়॥
শুদ্ধ সুৱৰ্ণৰ বৰ্ণ প্ৰকাশে শৰীৰ।
মহা ধৈৰ্যৱন্ত ধীৰ স্বভাৱে গম্ভীৰ॥
নিত্য নিৰঞ্জন সব ব্যাপক স্বৰূপ।
ধৰিলন্ত কপট বামন দিব্য ৰূপ॥
অদিতিয়ো বামন পুত্ৰৰ দেখি মুখ।
পাসৰিলা দেৱতাগণৰ শোক দুঃখ॥
ব্ৰহ্ম ঋষিগণে আছে চৌপাশে উপসি।
তাৰাৰ মধ্যত যেন পূৰ্ণিমাৰ শশী॥
সেহি বেলা বলি যজ্ঞ কৰে সমাপত।
নৰ্মদা নদীৰ আসি উত্তৰ তীৰত॥