পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
অসমীয়া সাহিত্যৰ চানেকি।

চক্ষু অধিষ্ঠাতা যে আদিত্য জ্যোতিৰ্ম্ময়।
কৰ্ণ অধিষ্ঠাতা দিশ জানিবা নিশ্চয়॥
নাসিকাৰ অধিষ্ঠাতা অশ্বিনী কুমাৰ।
বাক্য অধিষ্ঠাতা ভৈলা বহ্নি নাম যাৰ॥
চৰ্ম্ম অধিষ্ঠাতা বায়ু ভৈলা সত্বগুণ।
জিহ্বা অধিষ্ঠাতা যেবে ভৈলন্ত বৰুণ॥
হস্ত অধিষ্ঠাতা ভৈলা ইন্দ্ৰ সুৰপতি।
পদে বিষ্ণু গুহ্যে মিত্ৰ লিঙ্গে প্ৰজাপতি॥
হৃদয়ত থাকি কৰে ভাল মন্দ কাম।
একে মন চাৰি ৰূপ শুনা তাৰ নাম॥
মন বুদ্ধি অহঙ্কাৰ আৰু নাম চিত্ত।
ৰাম ৰাম বুলি সবে হুয়োক পৱিত্ৰ॥



বলি ছলন।
পদ।

শুক নিগদতি শুনিয়োক পৰীক্ষিত।
ঋষিগণ সমে ব্ৰহ্মা মিলিলা তহিত॥
নিয়োজিলা ব্ৰাহ্মনৰ যত জাতি ধৰ্ম্ম।
কাশ্যপে কৰিলা তনয়ৰ জাত কৰ্ম্ম॥
বিধি চাই ব্ৰহ্মায়ে কৰন্ত অনুষ্ঠান।
সূৰ্য্য আসি আপুনি গায়ত্ৰী দিলা দান॥
নৱ গুণ দিলা দেৱ গুৰু বৃহস্পতি।
অজীৰ্ণ উত্তৰি যোগাইলন্ত সৰস্বতী॥
পিন্ধাইলন্ত কপীন দেৱৰ মাতা আনি।
কাশ্যপে মেখলা বান্ধিলন্ত টানি টানি॥
স্বৰ্গে আনি যোগাইল বিচিত্ৰ ছত্ৰ খণ্ড।
সাদৰে দিলন্ত আনি চন্দ্ৰে ব্ৰহ্ম দণ্ড॥