সাগৰকো শুষিলা সূৰ্য্যৰ ৰশ্মিজালে।
জগত প্ৰলয় যায় গ্ৰাসি আসে কালে॥
বায়ু সূৰ্যে নিঃস্বত্ব কৰিলে সব বাজ।
অনন্ত মুখৰ পৰা অগ্নি ভৈলা বাজ॥
হাজাৰেক মুখে বিষ বহ্নি বাজ হই।
পাতালক দহিয়া উদ্ধক উধাই জুই॥
সাতো পৃথিবী বহ্নি লাগিলেক চানি।
পোড়ে সাতো স্বৰ্গ যেন জ্বলন্ত অগনি॥
ব্ৰহ্মাণ্ডক দহিলেক বাহিৰে ভিতৰে।
তপত লোহাক যেন দেখি নিৰন্তৰে॥
ৰক্তময় ব্ৰহ্মাণ্ড বহ্নিৰ পায়া চোট।
যেন দেখি দগ্ধ গোময় পিণ্ড গোট॥
জগতক দহি যেবে বহ্নি ভৈল শান্ত।
বাঢ়ই বৰিষ মেঘে বৰিষে একান্ত॥
দোৰ্ঘোৰ শবদে পৰৈ চোদিশে নিৰ্ঘাত।
মেঘৰ গৰ্জ্জনে ঘনে ঘনে বজ্ৰপাত॥
বৰিষয় শিলা সব পৰ্ব্বত আকাৰ।
কৰে মহাপ্ৰলয় প্ৰাণীৰ ক্ষয়ঙ্কাৰ॥
প্ৰমত্ত হস্তীৰ শুণ্ঢ যেন ধাৰা জল।
অবিচ্ছেদে পড়য় সংসাৰ যাই তল॥
দশো দিশ জুড়ি জল উৰ্দ্ধক উধাইল।
ব্ৰহ্মাণ্ড গোটক গৈয়া ক্ষণেকে বুৰাইল॥
অস্থিৰ তাপত চুৰ্ণীকৃত ভৈল তাণ্ড।
জলতে মিলাইল সিটো মহামহী খণ্ড॥
অগণিত পৰিজল সমস্ত শুখাইল।
বায়ুতে পড়িয়া পাছে বহ্নিয়ে লুকাইল॥
মহা বায়ু লীন গৈল মহা আকাশত।
আকাশো পশিল অহঙ্কাৰৰ গৰ্ভত॥
মহত্ব তত্ত্বত লীন গৈল অহঙ্কাৰ।
মহত্ত্বো পশিল প্ৰকৃতিত পুনৰ্ব্বাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
অসমীয়া সাহিত্যৰ চানেকি।