কৃষ্ণৰ চৰণে তুমি পৰম ভকত।
যদ্যপি জানিতে হোৱা আপুনি শকট॥
তথাপিতো পুছিলা লোকৰ উপকাৰে।
ইটো কথা শুনি ভনি তাৰোক সংসাৰে॥
নৃপতিক প্ৰসংশিয়া স্থিৰ কৰি মন।
হৃদয়ত চিন্তিলন্ত কৃষ্ণৰ চৰণ॥
জয় কৃষ্ণ জয় কৃষ্ণ মুখে উচ্চৰিলা।
পুৰাতন কথা কহিবাক আৰম্ভিলা॥
কহিবো নৃপতি সৃষ্টি লীলা কথা পাছে।
শুনা যেন মতে বসুমতী বহি আছে॥
পৃথিবীৰ অধে সাত পাতালৰ তলে।
ব্ৰহ্মাণ্ডক বেঢ়িয়া কেৱলে আছে জলে॥
কূৰ্ম্মৰূপে হৰি আছে জলৰ ওপৰে।
পঞ্চাশ কোটি প্ৰহৰ বহল কলেৱৰে॥
কূৰ্ম্মৰ ওপৰে সৰ্পৰূপে ভগৱন্ত।
হাজাৰেক যুগ তাত আছন্ত অনন্ত॥
সূৰ্য্য সম জ্বলে মহা ফণী মণি যত।
শৃঙ্গ সমন্বিতে যেন ধৱল পৰ্ব্বত॥
তাৰ আঠ ফণী আঠ দিশে গৈল বই।
আছে আঠ দিগগজ ওপৰে তাৰ ৰই।
দ্বাদশ হাজাৰ প্ৰহৰৰ পন্থ কাই।
দেৱাসুৰ নাগগণ পূজন্ত সদাই॥
বলৰ দৰ্পত আতি মহালীলা কৰি।
আঠো আঠ পৰ্ব্বত পিঠিত আছে ধৰি॥
পৰ্ব্বতৰ ওপৰত সসাগৰা মহী।
যেন চাঙ্গ খান আলাগতে আছে ৰহি॥
যি দিশৰ দিগগজে লড়াৱে নিজকায়।
সি দেশৰ পৰা জানা ভূমিকম্প যায়॥
যেতিক্ষণে তোলে হামি কচ্ছপ অনন্ত।
সাত খণ্ড মেৰু মহী মন্দৰ পৰ্য্যন্ত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
অসমীয়া সাহিত্যৰ চানেকি।