পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
অসমীয়া সাহিত্যৰ চানেকি।

অনাদি-পাতন।

পদ।

জয় জগন্নাথ জগতৰ আদিমূল।
যাহাক স্মৰণে হোৱে পাতক নিৰ্ম্মল॥
যাৰ নাম নাৱে কৰে সংসাৰৰ পাৰ।
হেনয় কৃষ্ণক কৰো কোটি নমস্কাৰ॥
জয় জয় দৈৱকী নন্দন আদি দেৱ।
ব্ৰহ্মা মহেশ্বৰে যাক পড়ি কৰে সেৱ॥
মুৰুখ পণ্ডিত হোৱে যাৰ লৈয়া নাম।
হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম॥
জয় জয় ঈশ্বৰ কেশৱ সদাশিৱ॥
যাৰ মায়া পাশে বন্দি জগতৰ জীৱ॥
মিলে মোক্ষ যাৰ নাম শ্ৰবণ কীৰ্ত্তনে।
কৰো প্ৰণিপাত হেন কৃষ্ণৰ চৰণে॥
নমো দামোদৰ দেৱ জগত কাৰণ।
ভকত অভয় দাতা সত্য সনাতন॥
যাৰ কটাক্ষত হোৱে সৃষ্টি স্থিতি লয়।
হেন কৃষ্ণ চৰণে ৰচিৰো পদচয়॥
কৃষ্ণ পদ পঙ্কজক ধৰি হৃদয়ত।
গুৰুৰ চৰণ মন কৰি শিৰোগত॥
সৃষ্টি-স্থিতি-লয় মাধৱৰ মোক্ষলীলা।
কৃষ্ণৰ কিঙ্কৰ পদ শঙ্কৰে ৰচিলা॥
মহা ভাগৱত পদ অমৃত সাক্ষাত।
বামন পুৰাণ কিছু নিশ্ৰ দিলো তাত॥
দুই কথা নিবন্ধিলো একত্ৰে মিশলে।
মধু সমে দুগ্ধ যেন আতি স্বাদ বোলে॥
শুনা সাৱধান মনে যত সভাসদ।
তৃতীয় স্কন্ধৰ মহা ভাগৱত পদ॥