আগে পাছে মাধৱক ধৰিল যোগান।
বাৱে ঢাক ঢোল ভেৰী তৱল নিশান॥
চিহ্ণ চৌড়া দণ্ডছত্ৰ ধৰিলেক তুলি।
আকাশ চানিয়া গৈল কটকৰ ধূলি॥
হস্তী সৱ চিহৰয় মেঘে যেন গাজে।
ভয়ঙ্কৰ নাদে গজ ঘণ্টা সব বাজে॥
চতুৰ্ভিতি শুনি আতি ঘোড়াৰ হ্ৰেসনি।
দলদোপ পদাতি সকল যায় চানি॥
আগে পাছে অসংখ্যাত ৰথ যায় চলি।
এক ভিতি কৰি তৰু বন নেই দলি।
অল্প নদী যতেক নামন্তে হোৱে পঙ্ক।
প্ৰজাৰ গিড়ত দশো দিশে লাগে ঢঙ্ক॥
হেন চমৎকাৰে চলি যান্ত দামোদৰ।
অনন্তৰে দেখিলন্ত কুণ্ডিন নগৰ॥
পাছে বেদনিধিক পাঞ্চিলা দেৱহৰি।
আপুনি ৰথৰ নামিয়োক শীঘ্ৰ কৰি॥
আমি আসিবাৰ ৰুক্মিণীত দিয়া জান।
নিৰাশা দেখিয়া জানো বান্ধৈ এৰে প্ৰাণ॥
কিছু চিন্তা নাহি বুলিবাহা বেদনিধি।
তান মনো ৰথ মানে আজি হৈব সিদ্ধি॥
হেন শুনি ৰথৰ নামিল দ্বিজবৰ।
আগ হুয়া বেদনিধি পশিলা নগৰ॥
সাধিলোহো সবে কাৰ্য্য বুলি ৰঙ্গ কৰি।
হৰিষতে মাটিত নেদন্তে যেন ভৰি॥
ব্ৰাহ্মণক আগ কৰি পঠাই হৃষীকেশ।
কুণ্ডিন নগৰী পাছে ভৈলন্ত প্ৰবেশ॥
শুনা সভাসদ ভাগৱত নিৰন্তৰ।
ৰুক্মিণী হৰণ কৃষ্ণ লীলা মনোহৰ॥
শুনন্তে সংসাৰ দুঃখ হোৱে উপশম।
কৃষ্ণক সুহৃদ পাই বোলা ৰাম ৰাম॥
১৪