আতি কৌতুহলে ৰাজা তিল কুশ আনি।
মাধৱৰ হাতত উৎসৰ্গি দিলা পানী॥
যত ধন ধান্য আছে মোৰ ৰাজ্যভাৰ।
আজি ধৰি তোমাৰেসে ভৈল অধিকাৰ॥
এহি বুলি বহুৱাইলা সিংহাসন খাটে।
কৃষ্ণক পাতিলা ৰাজা সেই দণ্ড পাটে॥
ধৱল ছত্ৰক আনি ধৰিলন্ত তুলি।
প্ৰজায়ে জোকাৰ পাৰে জয় কৃষ্ণ বুলি॥
দ্বাৰকাৰ কৃষ্ণ কৌশ্বম্বীত ভৈল ৰাজা।
হেন কথা দশো দিশে ঘোষে সবে প্ৰজা॥
বাৱে বাদ্য ভণ্ড ৰাজা ভৈলন্ত মাধৱ।
শুনিয়া স্বৰ্গত বৰ মিলল উৎসৱ॥
দেৱতা সহিতে ইন্দ্ৰ আসিলা প্ৰত্যেক।
আপুনি কৰিলা মাধৱক অভিষেক॥
সমস্ত দেৱৰ যত সম্পতি আছিল।
সেই বেলা কৃষ্ণত সমস্তে সমৰ্পিল॥
ৰাজ যোগ্য অলঙ্কাৰ দিলা নিৰন্তৰ।
মাধৱক পাতিলেক ত্ৰৈলোক্য ঈশ্বৰ॥
আজি ধৰি গোবিন্দ ৰাজাধিৰাজ ভৈলা।
এহি বুলি পুৰন্দৰ নিজ থানে গৈলা॥
বিদ্যাধৰে বাৱে অপস্বৰায়ে নাচয়।
কৃষ্ণৰ শিৰত পাৰিজাত সিঞ্চাৱয়॥
বিশ্বকেতু নৃপতিয়ে প্ৰশংসিলা আতি।
কৌতুহলে মাধৱে বঞ্চিলা তৈত ৰাতি॥
ৰজনী প্ৰভাত ভৈল হেন মনে জানি।
প্ৰভাতৰ কাৰ্য্য সঙ্কলিলা চক্ৰপাণি॥
বেদনিধি সমন্বিতে আৰোহিলা ৰথ।
দাৰুকে ধৰিল পাছে কুণ্ডনিৰ পথ॥
বিশ্বকেতু নৃপতিও মহা কৌতুহলে।
অতি আড়ম্বৰে সাজি চতুৰঙ্গ দলে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১১০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
অসমীয়া সাহিত্যৰ চানেকি।