পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
ৰুক্মিণী হৰণ।

গন্ধে পুষ্পে তুষ্ট কৰাই মাধৱৰ মন।
কৰযোৰে ৰাজ পাছে বুলিলা বচন॥
কুণ্ডিনৰ হন্তে মোৰ আসিছে চৰীয়া।
আলোচিল বীৰগণে বিৰলে বসিয়া॥
যদিবা মাধৱ আসে আমাৰ সমাজ।
সিংহাসন নিদিবোঁহো পাউক বৰ লাজ॥
সিংহাসন আসনৰ ৰাজা অধিকাৰী।
ৰাজবংশী নুহি যদুকুল অনাচাৰী॥
পূৰ্ব্বত যযাতি ৰাজা দিয়া আছে শাপ।
লঘু কৰি গোবিন্দৰ ভাঙ্গো কাপ ঝাপ॥
লাজ হুয়া মাধৱ আপুনি যাইবে উঠি।
শিশুপালে বিহা কৰন্তোক মন তুষ্টি॥
যদি কদাচিত হৰি পাতয় বিঘিনি।
সবে মিলি কৃষ্ণক বধিবোঁ ৰণে জিনি॥
জৰাসন্ধ আদি কৰি যত ৰাজাগণ।
এক গোষ্টি হুয়া সবে কৰে অলোচন॥
শিশুপাল ৰাজায়েসে কৰিবেক বিয়া।
সকলে শুনিয়া মোত কহিল চৰীয়া॥
হেন শুনি প্ৰভু মোৰ নসহয় প্ৰাণ।
মোৰ ৰাজ্য যতেক উৎসৰ্গি দিও দান॥
কৌশাম্বীৰ ৰাজা তুমি হুয়ো দেৱ হৰি।
তেবে দেখো সিংহাসন নেদে কেন কৰি॥
স্বপুত্ৰে বান্ধৱে মই তোমাৰ কিঙ্কৰ।
এই দণ্ড পাটে ৰাজা হুয়ো দামোদৰ॥
সঞি হাতে তোমাত সম্পিবো ৰাজ্যভাৰ।
নৃপতিগণৰ মুখে পৰোক চূণ-খাৰ॥
তোমাৰ চৰণে প্ৰভু মাগো এহিবৰ।
হেন শুনি হাসি কৃষ্ণে দিলন্ত উত্তৰ॥
যেহি মনে বাঞ্ছা তাকে কৰিয়ো নৃপতি।
শুনি উল্লসিল বিশ্বকেতু মহামতি॥