নাহি সুখ শান্তি মোৰ নুৰুচয় ভাত।
উগুল থুগুল নিদ্ৰা নাসয় শয্যাত॥
কক্মিণীৰ যত দুঃখ কহিলা বিপুল।
তাতো দশ গুণে আতি আমিসে আকুল॥
প্ৰাণ সম মিত্ৰ মোৰ কহিবাৰ ঠাই।
বান্ধৈৰ বিয়োগ দুঃখ সহন নযাই॥
ঝাণ্টে যাওঁ তৈত জানো মিলে আথান্তৰ।
এহি বুলি দাৰুকক দিলন্ত উত্তৰ॥
ৰথ খান সাজি মোৰ অতি শীঘ্ৰে আন।
কুণ্ডিলক লাগি মই কৰিবো পয়ান॥
হেন শুনি সাৰথি উঠিলা আথেবেথে।
চাৰি গোটা ঘোড়া আনি যুৰিলন্ত ৰথে॥
সৈব্য সুগ্ৰীৱ মেঘপুচ্ছ বলাহক।
ছল বল কৰে ঘোড়া লঙ্ঘি আকাশক॥
গৰুড়ৰ ধ্বজ ৰথ আগে আৰোপিল।
স্থানে স্থানে সুবৰ্ণৰ কিঙ্কিণী আৰিল॥
বাচি বাচি লৈলা যত যুদ্ধৰ সম্ভুত।
ভক্ষ ভোজ্য যড়ৰস লৈলা পঞ্চামৃত॥
দিব্য ৰথ খান সাজি পৰম উৎসুকে।
কৃষ্ণৰ আগত নিয়া যোগাইলা দাৰুকে॥
ৰথ আনিবাৰ দেখি ৰঙ্গে বনমালী।
শাৰঙ্গ ধনুক ধৰি উঠি গাৱচালি॥
ব্ৰাহ্মণকো ৰথত তুলিয়া ধৰি কৰে।
আপুনি উঠিলা সেহি ৰথৰ উপৰে॥
সাৰথিক বোলন্ত সত্বৰে ডাকাঁ ৰথ।
যথা চমু কৰি ধৰা কুণ্ডিলৰ পথ॥
হেন শুনি ঘোটকক মাৰিলা চাবুকে।
বিদ্যুত সঞ্চাৰে ৰথ চলাইলা দাৰুকে॥
উথলিল চাৰি ঘোড়া আলগাইলা ৰথ।
ভুমি এৰি ধৰিলেক আকাশৰ পথ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৯
ৰুক্মিণী হৰণ।