পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
অসমীয়া সাহিত্যৰ চানেকি।

বিস্তৰ বিলম্ব ভৈলে নাপাইবাহা মোক।
কত দিন সহিবো দাৰুণ দুঃখ শোক॥
হেন জানি ঝান্টে আসা মোৰ প্ৰাণপতি।
নাসা যেবে ভৈল মোৰ মৰণ সঙ্গতি।
বিস্তৰ বুলিলা আৰু চিনাই আগ পাছ।
কৃষ্ণৰ আগত নিয়া দিবাঁ খেৰ গাছ।ĕ
হেন কৰন্তোক মোক নিয়ন্তোক আসি।
সেৱা কৰি থাকো চৰণৰ হুয়া দাসী।।
দিন চাপে বিহাৰ সমূলে মোৰ বুৰে।
শিশুপাল পাপীক দেখতে ধাতু উৰে।।
দিনা চাৰেকত যেবে হৰি নেনা মোক।
হেন জানিবাঁহা মই গৈলোঁ পৰলোক।।
আকুতি কাকুতি কৰি পঠাইলা অশেষ।
হেন জানি যেন যোগ্য কৰা হৃষিকেশ।।
ৰুক্মিণী যতেক বুলি পঠাইলা কাৰুণ্য।
কহিলন্ত বেদনিধি তাতো দশগুণ॥
ৰুক্মিণীৰ হেন দুঃখ শুনি জগন্নাথ।
সুদীৰ্ঘ নিশ্বাস তেজি চপৰাইলা মাথ॥
দুই ধাৰা চক্ষুৰ লোতক পৰে বই।
হা প্ৰাণেশৰী যেন তোক নপাওঁ গই॥
যত দুঃখ বান্ধৈ সহিলেক মোক লাগি।
তই যেবে মৰস মইসে বধ ভাগী॥
মই নতু যান্তে জানো প্ৰাণ যাই আগে।
তোৰ মোৰ দেখা দেখি হৈব কত ভাগে।।
মনত আসুখে হৰি গালে দিয়া হাত।
মুখ ওলোমাই আতি গদ গদ মাত॥
কহিবে লাগিলা আৰু দ্বিজক সম্বোধি।
মোহোৰ চিত্তৰ কথা শুনা বেদনিধি॥
যৈসানি শুনিলো ৰূপ গুণ ৰুক্মিণীৰ।
সেহি কাল হন্তে মোৰ চিত্ত নোহে থিৰ॥