পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
ৰুক্মিণী হৰণ।

মায়ায়ে মনুষ্য ৰূপ তুমি আছা ধৰি।
সাধিলা দেৱব কাৰ্য্য অসুৰ সংহৰি॥
তোমাৰেসে ভাৰ্য্যা ভীষ্মকৰ জীৱ সতী।
ৰুক্মিণী স্বৰূপে লক্ষ্মী ভৈলা উতপতি॥
তুমি স্বামী হৈবা ৰাত্ৰি দিনে হেন মন।
এক চিতে চিন্তি আছে তোমাৰ চৰণ॥
ভিষ্মক নৃপতি বৰ তোমাত ভকত।
তোমাতেসে বিহা দিবে তাহাৰ সন্মত॥
ৰুক্মিণীৰ ভাই ৰুক্মি নামে কুলাঙ্গাৰ।
তোমাক দিবাক বাধা কৰে দুৰাচাৰ॥
শিশুপাল নৃপতিক আনি আছে বৰ।
শুনি ৰুক্মিণীৰ অতিশয় ভৈল ডৰ॥
তোমাত নৈৰাশ দেখি ভৈল হৃদি খেদ।
ৰাত্ৰি দিনে চক্ষুৰ লোতক নাহি ছেদ॥
স্বভাৱত স্ত্ৰী জাতি নোহে স্বতন্তৰী।
লাজে পিতৃ মাতৃত নোবেলে মুখ ফুৰি॥
তোমাৰ বিয়োগ অন্তৰ্গতে দহে প্ৰাণ।
দিন গোট যাই যুগ সহস্ৰ সমান॥
ৰুক্মিণীৰ অৱস্থাক কি কহিবোঁ হৰি।
দুঃখ দেখি পেটতে লুকাই হাত ভৰি॥
তোমাক পাইবাৰ একো নপান্ত উপায়।
তেবেসে আমাক মাতি দিলন্ত পঠাই॥
তোমাকেসে লাগি হেন পঠাইল সম্বোধি।
এক চিত্তে আছো স্বামী তোমাক আৰাধি॥
তথাপিতো তুমি যদি নকৰাঁহা বিয়া।
মৰিবোঁ তোমাতে তেবে স্ত্ৰী বধ দিয়া॥
হেৰা মোক চুপি আছে ৰাজা শিশুপালে।
সিংহৰ ভাৰ্য্যাক যেন ধাৱয় শৃগালে॥
হেন জানি প্ৰভুদেৱ কেনে চিত্ত সখা।
আপোন ভাৰ্য্যাক তুমি কিসক নাৰখা॥