৯৫
ফুলিয়াছে সুগন্ধ কমল উতপল।
মধু লোতে ভ্ৰমবে কয় কোলাহল॥
জলচৰ পক্ষী তেজে সুললিত নাদ।
তাক শুনি বাত্ৰি দিনে চিত্ত উনমাদ॥
বহুতৰ পুস্প পাৰে পাৰে আছে ফুলি।
পাৰিজাত সুগন্ধিকা মালতী বকুলি॥
তাতে নানা জাতি পক্ষী কৰয় আৰাৱ।
সৰ্ব্বক্ষণে শীতল মলয় বহে বাৱ॥
দিব্য উপবন সব আছে অপৰ্য্যন্ত।
বাহ্ৰয় মাসত যাক নেৰয় বসন্ত॥
সুবৰ্ণৰ ঘৰ বাড়ী পদূলি চৌপন্থা।
জুমাজুমি বসি সবে কহে কৃষ্ণ কথা॥
কতো যদু বীৰগণে কৰে আয়ায়াত।
হস্তী ঘোড়ে চড়ি যেন মহেন্দ্ৰ সাক্ষাত॥
লয়লাসে ফুৰে সবে নাগৰী সুন্দৰী।
ৰূপে মোহে যেহেন ইন্দ্ৰৰ অপেৰী॥
সুবৰ্ণৰ ঘটে জল বহে সাৰি সাৰি।
মত্তগজগামিনী সুন্দৰ বৰ নাৰী॥
আনো নানা কৌতুহল চক্ষু মেলি চাইল।
পাছে মাধৱৰ সিংহ দ্বাৰ গৈয়া পাইলা॥
দ্বাৰীক বোলয় ঝাণ্টে জান দেস গই।
কুণ্ডিনৰ হন্তে আসি আছোঁ বাৰ্ত্তা লই॥
হেন শুনি দ্বাৰপাল কৰিলা গমন।
কৃষ্ণক প্ৰণামি হেন বুলিলা বচন॥
কুণ্ডিনৰ হন্তে আসি আছে বাৰ্ত্তা লই।
ব্ৰাহ্মণ এগুটি দুৱাৰত আছে বই॥
হেন শুনি কৃষ্ণৰ হৰিষ ভৈল মন।
ৰুক্মিণী পঠাইলা জানিলন্ত নাৰায়ণ॥
আপুনি আসিল হৰি আসনক ছাড়ি।
কৌতুহলে ব্ৰাহ্মণক নিলা আগ বাঢ়ি॥