এহি মতে নদ নদী, অনেক দুৰ্গম তৰি,
পৰ্ব্বত নগৰ গ্ৰাম দেশ।
দিনা কতিপয় গৈয়া, সাগৰ তৰিয়া দ্বিজ,
দ্বাৰকাত ভৈলন্ত প্ৰবেশ॥
নমো নমো হৰি পদ, পঙ্কজ যুগল শিবে,
দণ্ডৱতে কৰি নমস্কাৰ।
কৃষ্ণৰ কিঙ্কৰ কবি, শঙ্কৰে ৰছিলা ছবি,
পদ হৰি বংশ কথা সাৰ॥
শুনিয়োক সৰ্ব্বজন, কৃষ্ণপদে দিয়া মন,
ৰুক্মিণী হৰণ কথা সাৰ।
নপাইবেক একো দুঃখে, সংসাৰ তৰিবা সুখে,
পুৰুষকো কৰিয়া উদ্ধাৰ॥
শুনিবাক মনোৰম, শৰীৰতো নাহি শ্ৰম,
অৰ্থৰো নাহিকে কিছু হানি।
নাশ হৈবে যত ভয়, মিলিবেক মহোদয়,
ৰাম ৰাম বোলা সব প্ৰাণী॥
পদ।
বৈশম্পায়ন বদতি শুনিয়ো নৃপবৰ।
বেদনিধি পাইলা গৈয়া দ্বাৰকানগৰ॥
ৰত্নময় গৃহ সব কৰে জাতিস্কাৰ।
নাহি খেৰ বেত বাংশ কাষ্ঠৰ সঞ্চাৰ॥
একো একো গৃহ মেৰু সমান উচ্ছিত।
হীৰা মণি মৰকত মাণিকে খচিত॥
কতো ৰজতৰ কতো শুদ্ধ সুবৰ্ণৰ।
চিকিমিকি কৰে যেন কান্তি আদিত্যৰ॥
সৰোবৰচয় চাৰু জলে আছে ভৰি।
চাৰিয়ো কাযৰে সুবৰ্ণৰ খাটখৰি॥