দেখি কিহে তাক নখে বিদাৰি।
ঘোড়ায় সহিত পেলাইলা মাৰি॥
কণ্ঠৰ মণিক ছিণ্ডিয়া লই।
চড়িলা গিৰি শৃঙ্গে সিংহ গই॥
দেখি জাম্বৱন্ত বাঁৰ বঁড়িঙ্গ।
লৈলন্ত মণিক মাৰিয়া সিংহ॥
স্যমন্ত মণিক গৰ্তক নিলা।
ওমলাবে লাগি শিশুক দিলা॥
বিচিত্ৰ মণি গোট ধৰি ধাই।
বাটত শিশু ফুৰে ওমলাই॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে।
বোলা হৰি হৰি সমস্ত নৰে॥
ঘোষা॥
বনমালী জগমোহন ৰাম।
যোনো মোৰ মুখে ছাড়ে ৰাম কৃষ্ণ নাম॥
ভ্ৰাতৃক নেদেখি অনন্তৰে সাত্ৰাজিত।
মহা শোকে ক্ৰন্দন কৰিল বিপৰীত॥
স্যমন্তক পিন্ধি গৈল বনক ভয়াই।
জানিলো মাৰিলে কৃষ্ণে নিৰ্জ্জনত পাই॥
খুজি নপাই ভাইক মাৰি কৃষ্ণে নিল মণি।
শুনি সৰ্ব্বলোকে আক কৰে কণাকাণি॥
বেকত নকহে কেহো মাধৱক ডৰে।
পাইলেক কলঙ্ক মোক শুনি দামোদৰে॥
কিমতে দুৰ্যশ চাও গুণি ভগৱন্ত।
লগে লৈয়া নগৰীয়া সেনা অপৰ্য্যন্ত॥
প্ৰসেনৰ পথে চলি যান্ত বনমালী।
প্ৰৱন্ধে ঘোড়াৰ সিতে খোজক নিহালি॥
কত দূৰ গৈয়া পাছে দেখিল মহিত।
প্ৰসেন পৰিয়া আছে ঘোড়ায় সহিত॥