পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিল নাম। ১. ওপৰ উড়ি খায় কালিন্দী তোমোৰ ঠিয় হৈ আছিলো চাই। তোমাৰে আমাৰে পিৰীতি লাগিলে চকুৱে চকুৱে চাই। ২। ধানে বহাৰৰ গোটোং ঠালিটি | শোন বিৰখৰে খড়ি। তোমাকে আমাকে কোনেনো জঙ্গলে এদাল কেশ দুদালি কৰি। • ৩। কোনেও ভঙ্গা নাই কোনেও ছিজা নাই আপুনি ভাঙ্গিলো মন। মুৰ গা ধুবলৈ যিলা খুজিছিলো, সিও হল বুকৰে ধন। | ৪। মাহৰ বান্ধিলো তালি টোপালা, ঘিলাৰ বান্দিলে ফাক। ওচৰ চুবুৰীয়া তোমাৰ মোৰ শৰু ঘিলা দি পথিয়াম কাক। ৫। সজাত বন্দী হল, সজাৰে মইনা, শালত বন্দী হল হাতী। মকৰা কালতে মোৰ ধন বন্দী হল, টোপনি নাহে মোৰ ৰাতি। | হাত মেলি নেপালো তুবুকি লতা মই ভৰি মেলি নেপালো পাটী। আতি চেনেহৰ পিৰীতি কৰিলো, | শুবলৈ নেপালো ৰাতি। ৭। ধন যেন দেখে মই তোমাকে বহন, | প্ৰাণ যেন দেখে মই তোমাক। কেচা ঘুমতিত হেৰাই যেন খেলে কাক পাই তেজিল আমাক!