পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৩
অৰণ্যকাণ্ড।

কৃপাময় ৰাম পৰিমল কাম
আজ্ঞা দিল লক্ষণক।
শুনিয়া খাই তেতিক্ষণে যাই এ
চিতাখান পাতিলেক॥
গাডা খান্দি চিতা পাতিলন্ত তথা
কৱন্ধক তাতে তুলি।
জগত ঈশ্বৰ দেৱ গদাধৰ এ
দিলন্ত অগনি জালি॥
কীৰ্ত্তিক থাপিলা যশ প্ৰকাশিলা
অগ্নিয়ে ভস্ম কৰিলা।
কৱন্ধ গুচিলা দেৱমুৰ্ত্তি ভৈলা এ
গন্ধৰ্ব্ব যানে চলিলা॥
স্বৰ্গ হন্তে যান দেবৰ বিমান
তাহাতে গই চৰিলা।
স্বৰ্গ মুখলই আনন্দে চলই এ
দেৱ সঙ্গে সঙ্গ লৈলা॥
আনন্দে গন্ধৰ্ব্ব কৰে মহোৎসৱ
মুখে গাই ৰাম গীত।
ৰামে দেখিলন্ত লক্ষণে সহিত এ
ৰঙ্গ ভৈলা দুইৰো চিত॥
লক্ষণক চাই যাতে ৰঘুৰাই
চল যাঞো দুই বন।
জেষ্ঠৰ বচন শুনিয়া লক্ষণ এ
পশিলন্ত দুই জন।
ৰামৰ চৰিত্ৰ শুনন্তে অমৃত
মনত হুয়ো সন্তোষ।
ৰাম চৰণ সেবি অনুক্ষণ এ
ভনে দুৰ্গাবৰ দাস॥

৪৫