পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
অৰণ্যকাণ্ড।

হৌক গতি তোক যে হে চাহি এৰো প্ৰাণ।
দহিয়া শৰীৰ দিয়া পিণ্ড জল দান॥
অতি পৰে ভাগ্য কোন হে আছয় আমাৰ।
তোমাৰ প্ৰসাদে পাইবো সংসাৰৰ পাৰ॥
নিজ কৰ্ম্মে হওঁ প্ৰভু হে যেহি সেহি গতি।
সেহি সেহি জন্মে হৌক তোমাৰ ভকতি॥
বৈষ্ণৱৰ সঙ্গতেসে হে ৰহোক সৰ্ব্বথা।
মুখে তবু যশ গাইবো কৰ্ণ্ণে তবু কথা॥
শুনিয়োক প্ৰভু তুমি হে চূৰ্ত্তি নহৰাইবা।
জানিলো নিশ্চয় তুমি জানকীক পাইবা॥
ৰাক্ষসক সংহৰিবা হে দেৱক পালিবা।
জগত পালিবা পুণ্য যশ প্ৰকাশিবা॥
সীতাক পৰীক্ষা তুমি হে কৰিবা আপুনে।
ভনে কবি দুৰ্গাবৰ ৰামৰ চৰণে॥


পদ

পুছিলা ৰাৱন্না সিতো পুলস্তৰ নাতি।
বিশ্বেশ্ৰবা বীৰ্য্যে নিকষাত উতপতি॥
তেজে বলে বীৰ্য্যে কাৰ্য্যে বিপুল শকতি।
কুবেৰৰ ভাই হয় ৰাক্ষসৰ পতি॥
সমুদ্ৰৰ মাজে পুৰিহে নাম তাৰ লঙ্কা।
তাতে থাকে ত্ৰিভুৱনে কাকো নাই শঙ্কা॥
সীতাৰেসে বৰে মই আছে প্ৰাণ ৰাখি।
কান্দিয়া গোসানী বুলিলন্ত মোক দেখি॥
ৰামত যাবত বাত্ৰা নজনাবা তুমি।
দিলো বৰ যবদেকে নাহে মোৰ স্বামি॥
এহি কহি পক্ষী চখু মুদিলা ইঠাই।
সাক্ষাতে দেখি ৰাম লক্ষণ দুভাই॥