পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
অসমীয়া সাহিত্যৰ চানেকি।

মৃত্যুকালে পাইলো লাগ  মোৰ ভৈলা বৰ ভাগ
  প্ৰাণক এৰিবো তধু কাষে।
ৰাম নাম হৃদি জপি   মন স্থিৰ কৰি পক্ষী
  ৰাম লক্ষণোয়ো চাই আছে॥
দেখে পক্ষী এৰে প্ৰাণ   দুই ভায়ে দুখমন
  তুলি আলিঙ্গিলা দুয়োজনে।
ৰামৰ চৰণ সেবি   ৰচিলে ই গীত ছবি
  দুৰ্গাবৰ মহা ভক্তিমনে॥


ৰাগ—বসন্ত

শোকতে বিৰল ৰাম হে—
লক্ষণ দুই ভাই।
জটায়ুৰ গলে ধৰিলন্ত দুয়ে যাই॥
ভকতৰ দুখ দেখিহে নসহে শৰীৰ।
দুই ভাই কান্দন্তে নেত্ৰৰ বহে নীৰ॥
পিতৃৰ পৰম মিত্ৰহে তুমি পক্ষিৰাজ।
হৰি হৰি বিধি কিনো কৰিলা অকাজ॥
আজিসে মৰিলা যেন হে ৰাজা দশৰথ।
সিতো শোকে অগ্নিত পিম্পলি ভৈলা পথ॥
হাহা মৰিলোহো শোকে হে ছুটে প্ৰাণবায়ু।
মোৰ অৰ্থে যুদ্ধ কৰি মৰিল জটায়ু॥
সম্বধি বোলন্ত বাপ হে কহা নিষ্ট কৰি।
কৈহিব ৰাৱন্নে মোৰ সীতা নিলে হৰি॥
কোন স্থানে থাকে তাৰ হে কতেককটক।
কোন বংশে উপজিলা পাপিষ্ট লটক॥
মাৰিয়া পঠাইবো তাকহে যমৰ কটক।
জীয়াইবো তোমাক মোহা ভকত চটক॥
জটায়ু বোলন্ত হেন হৈ নুবুলিবা মোক।
যেবে দয়া আছে তেৰে নকৰিবা শোক॥