পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪৭
অৰণ্যকাণ্ড।

তোমাৰ ভাৰ্য্যাক হৰি  দশগ্ৰীৱে চোৰ কৰি
  ৰথে তুলি যাই লঙ্কা পোন।
দেখি তাক ধাই গৈলো  পাখা চাটে কম্পাইলো
  বৰ চোটে দুইৰো ভৈলা ৰণ॥
সৰ্ব্বাঙ্গ বিদাৰ কৈলো  কিৰীটিক ভাঙ্গি থৈলো
  ৰথক ভাঙ্গিলো ধৰি ঠোঠে।
বৰ চোটে দশগ্ৰীৱ  দেখিলেক তমোময়
  মূৰ্চ্ছা যাই পৰিল৷ ৰথতে॥
মুহুৰ্ত্তেক মানে উঠি  মোক চাইলা ক্ৰোধ দৃষ্টি
  কৰিলেক মোহোক অন্যাই।
অগ্নিবাণ মাৰি মোৰ  পাখা পুৰি কৈলা চুৰ
  পৰিলোহো মই মূৰ্চ্ছা যাই॥
বৰ দিলা সীতা আই  পৰি থাকা এহি ঠাই
  এহি বাত্ৰা কহিবা ৰামত।
ৰামে সাধিবেক কাজ  শুনিয়োক পক্ষিৰাজ
  থাকিবিহি অক্ষয় স্বৰ্গত॥
এই বুলি সীত আই  কান্দি কান্দি মোক চাই
  কৈ গৈলা ৰাৱন্নায় হৰিলা।
তাৰ আধখান ৰখ  দেখিয়োক ৰঘুনাথ
  বনৰ মাজত পৰি ৰৈলা॥
মোৰ হৃদিকম্প ভৈলা  পাপিষ্ঠে হৰিয়া লৈলা
  সাধিবে নৰিলো তযু কাজ।
কহিলোহো এহি বাত্ৰা  ৰাৱন্নে নিলেক সীতা
  শুনিয়োক আৰে ৰঘুৰাজ॥
এৰে মন ভৈলা সিন্ধি  মিলাইলেক আনি বিধি
  শৰণ দিয়োক ৰঘুনাথ।
ধন্য মোৰ ইজীৱন  তবু কাৰ্য্যে গৈলা প্ৰাণ
  চৰণে নমিছে মোৰ মাথ॥