পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৬
অসমীয়া সাহিত্যৰ চানেকি।

এহি পক্ষী খাইলা নিশ্চয় জানিলো।
সীতা একেশ্বৰে পাই॥
মায়াবী ৰাক্ষস ফুৰে দশোদিশ
খাইল মোৰ প্ৰাণেশ্বৰী।
আমাক খাইবেক জানিলো প্ৰত্যেক
আছে পক্ষীৰূপ ধৰি॥
গৰ্ভত পশিলা উশাস গুচিলা
সীতা জনকৰ জিউ।
গৃধৰ ঠোঠৰ পশিল ভিতৰ
তোৰ তৈতে গৈলা জীউ॥
মোক মোহা স্নেহে লখাইক পঠাইলা
গৃধৰ হৈবিহি ভক্ষি।
ওৰেৰে পাপিষ্ঠ শুন পক্ষিনিষ্ট
তোক মাৰো অৰে পক্ষি॥
খাইলি মোৰ ভাৰ্য্যা পাপী পক্ষিৰাজ
বিজুৰিয়া মাৰো ধৰি।
এহি বুলি ৰাম প্ৰভু পুণ্য কাম
ধনু এক শৰ জুৰি॥
ৰাম শৰ দেখি কম্পমান পক্ষী
ভয়ত ভৈলা তৰাস।
ৰামৰ চৰণ সেবি অনুক্ষণ
ভনে দুৰ্গাবৰ দাস॥


ৰাগ—অহিৰ

  অ কি ত্ৰাহি ৰাম—
  চৰণত কৰোহো প্ৰণাম।
ত্ৰাহি ত্ৰাহি ৰাম বুলি  কৰি হাত কৃতাঞ্জলি
  বৰ ভাগ্যে ৰহিছে পৰাণ।
জটায়ু যে মোৰ নাম  শুনিয়োক প্ৰভু ৰাম
  আমি ভৈলো গৰুড়নন্দন॥