শাপ দিয়া ৰাম বাই ৰাৱে পাখী ছেঞাই
ৰহা প্ৰভু বিশ্ৰাম কৰিয়া।
শুনিয়া সীতাৰ কথা বাপ জগতৰ ধাতা
কহো শুনা সাৱধান হুয়া॥
চন্দ্ৰ দিবাকৰ লাগি আমাক শাপিলা হে
ৰহি গৈলা পাষাণৰ ৰেখা।
আমি প্ৰভু পক্ষী জাতি অতি জ্ঞানশূন্য মতি
আমাক পালন কৰি ৰাখা॥
চকোৱা বুলিলা যত সিদ্ধান্ত নেদিলা তাত
চলি গৈলা পাছক নাচায়া।
সৰস্বতী কৃপা গুণে কবি দুৰ্গাবৰ ভণে
গৈলা পক্ষী সিদ্ধান্ত নাপায়া॥
পদ।
লক্ষণে সহিতে প্ৰভু চলে ধীৰে ধীৰে।
দুখে তাপে দুই নয়নৰ নীৰ পৰে॥
ভ্ৰমন্তে ভ্ৰমন্তে গৈলা গিৰি তৰুতল।
ভ্ৰমৰে গুঞ্জনে শুনে মনত বিকল॥
চলিছে কেৱল মুখে লৈয়া সীতা নাম।
পোছে প্ৰিয়া বুলিয়া বৃক্ষত শ্ৰীৰাম॥
দশৰথ সুত ৰাম জানা মোৰ নাম।
হাতত ধনুক দেখ সুৱৰ্ণ্ণৰ কাম॥
মোহোৰ সুন্দৰী শশিমুখী দীৰ্ঘকেশী।
দাড়িম্ব সদৃশ যেন দশন প্ৰকাশি॥
হাহা শশিমুখীক নিলে কোনে হৰি।
যাইতে নেদেখিলা কি মোৰ জনক ঝিয়াৰি॥
কহা কথা সাৰ যে স্বৰূপ বৃক্ষচয়।
সীতাৰ সন্তাপে মোৰ হদি নসহয়॥