পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩৯
অৰণ্যকাণ্ড।

চকোৱাক দিলা শাপ ৰাঘৱ মুৰাৰি।
বুলিবে লাগিলা চকোৱাৰ নিজ নাৰী॥
অকাৰ্য্যে ভাণ্ডিলি বাত্ৰা জানি সুমঙ্গল।
ভণে দুৰ্গাবৰে ৰামচৰণকমল॥

  ৰাগ—নামগিৰি

চকোৱেনী বোলে এবে শুনাৰে চকোৱাহে—
কিসতে বা কি কাম কৰিলি।
দেখি সুলক্ষিণী জনকনন্দিনী
ৰামক তঞি ভাণ্ডিলি॥
ভাল মন্দ তঞি একো নজানস,
মৰাস আপোন গৰ্ব্বে।
শাপ গুৰুতৰ দিলা ৰঘুবৰ—
কিমতে তাক এৰাইবে॥
মোহোৰ বচন শুনা এতিক্ষণ
সত্বৰে চলিয়া যায়ো।
সীতাৰ বাত্ৰাক কহিয়ো ৰামত,
শাপৰ মুকুতি পাঞো॥
ভাৰ্য্যাৰ বচন শুনি তেতিক্ষণ
চলিলা ৰামৰ পাশে
সৰস্বতী পদ শিৰত ধৰিয়া
ভণে দুৰ্গাবৰ দাসে॥

  ৰাগ—অহিৰ

অকি প্ৰভু ৰাম—
কহো মই স্বৰূপ কাহিনী।
আমি আছো দোষ কৰি
তোমাক ভাণ্ডিলোঁ হৈ—
শাপৰ উদ্ধাৰা চক্ৰপাণি।