মেঢ় মন্দিৰত বসি গুণন্ত শ্ৰীৰাম।
পতি বচনতে মাত্ৰ সীতা সীতা নাম॥
কোনে সম্ভাষিবে মোক মধুৰ বচনে।
কাহাক তুষিবো মই চুমা আলিঙ্গনে॥
কাৰ সঙ্গে ৰঙ্গে নিতে থাকিবো কৌতুকে।
অনাথিতি কৰি প্ৰিয়া এৰিলিহি মোকে॥
আৰ কাক চাহিয়া থাকিবো অনুক্ষণে।
কাৰ অলঙ্কাৰ মই পিন্ধিবো আপুনে॥
কোনে আসি হৈবো মোৰ লগৰ সৈতাৰি।
কাক লইয়া যাইবো মই অযোধ্যা নগৰী॥
প্ৰথম যৌৱনী যে কোমল অঙ্গ তান।
মোহোক বঞ্চিয়া তই গৈলি কোন থান॥
মোক ছাৰি থাকিবি কাহাৰ আজ্ঞা পালি।
হাহা বিধি কাহাক ৰাখিবো আমি ভালি॥
কহিত বিচাৰো মই নিলে কোনে সীতা।
প্ৰাণৰ সুহৃদ সুচৰিতা গুণনীতা॥
কহিত আছয় কোনে দিবেক উদ্দিশ।
ভণে দুৰ্গাবৰে ৰাম চৰিত্ৰ বিশেষ॥
ৰাগ—অহিৰ।
অ কি লখ্মন—
প্ৰিয়া কোনে লৈলেক হৰিয়া।
সীতাক নেদেখি মোৰ অথন্তৰ ভৈলা ঘোৰ
ঘনে ঘনে পোৰে মোৰ হিয়া॥
দুনাই সীতাক মই লাগ নপাইলে ভাই
মৰিবো গৰল বিষ খায়া।
কৈক যাইবো কোনে কব কৈতে বা উদ্দিশ পাইবো
কোনে প্ৰিয়াক দিবো বা দেখায়া॥