পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩১
অৰণ্যকাণ্ড।

মেঢ় যে মন্দিৰ নলাগে গম্ভীৰ
নুশুনি সীতাৰ যাৱ।
পাশা গুটিগণ সকলে আচয়
প্ৰিয়া গৈলা কোন ঠাৱ॥
পৰ্ব্বতে পৰ্ব্বতে ঘূৰিলো সমস্তে,
ঋষি তপ কৰে যথা।
নদী সৰোবৰ গিৰিষে গভৰ
বিচাৰি নপাইলো সীতা॥
অতি অল্পজ্ঞান বালকসমান
মোহয় চতুৰা নাৰী।
অতিশয় বালা অতি আলাভোলা
অৱলা ৰাজকুমাৰী॥
অন্ধকাৰময় নাহি পন্থচয়
নজানি দিশ বিদিশ।
হেন গহনত গৈলা কোন মত
ভৈলা অতি বিসদৃশ॥
লক্ষণ বদন চাহি ঘনে ঘন
কাৰুণ্য কৰে শ্ৰীৰাম।
বোলে দুৰ্গাবৰে ৰামৰ কিঙ্কৰে
লেচাৰি অতি উপাম॥

পদ

কান্দন্তে কান্দন্তে ৰাম অচেতন ভৈলা।
ধৰণি উপৰে পৰি মুৰ্চ্ছাগত হৈলা॥
ক্ষণে মুৰ্চ্ছা যায় ক্ষণে চেতন লভয়।
চঞ্চল চৰিত্ৰ ৰাম বাতুল্য পৰয়॥
উঠে বৈসে গুণে শত সহস্ৰক বাৰ।
অসন্তোষ মনত কৰয় হাহাকাৰ॥