পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩০
অসমীয়া সাহিত্যৰ চানেকি।

তোমাকো পঠাইলা ক্ৰোধ কৰি।
মই নজানিলো তান
কপট হৃদয় প্ৰাণ
তিৰি মায়া বুঝিতে নপাৰি॥
সুৱৰ্ণৰ মৃগ মাৰি
যতনে আনিলো হে—
যত্ন জেউতি জলয় পিঠিত।
ৰূপাৰ চৰণ চাৰু
শোভন কৰয় হে—
হেন মৃগ দিবো কাৰ হাতে।
হাতৰ গাণ্ডিৱ ৰামে
আছৰি পেলালা হে—
ঘনে ছাৰে দীৰ্ঘ যে নিশ্বাস।
শ্ৰীৰাম চৰণ যুগ
প্ৰণতি কৰিয়া কহে—
কবি ভণে দুৰ্গাবৰ দাসে॥


ৰাগ—চালনি

শুন শুন প্ৰাণ লক্ষণৰে ভাই
কাক লৈয়া বঞ্চিবোহো বোনে।
প্ৰাণৰ কামিনী সীতা হৰুৱাইলো
কাহাক চাইবো নয়নে॥
এখানে আহিলে ৰমণী সহিতে
খেলাই পাশাৰ শাৰি।
কোন মন্দক্ষণে মই পাপ কৰিলোঁ।
হৰাইলো কুলৰ নাৰী॥
মনুষ্য সঞ্চাৰ নাহি দণ্ডুকাত
আৰু নানা পশু পক্ষী।
ইহাৰ মধ্যত কোনে হৰিলেক
একেশ্বৰী সীতা দেখি॥