পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২০
অসমীয়া সাহিত্যৰ চানেকি।

ফুলিয়ে বন্দুলী  গন্ধে নাহি তুলি
 কদম্ব দেখি শোভন।
কেতেকী প্ৰচুৰ  কনক ধুত্তৰ
 নেৱালি মাৰি দশন॥
ফুলিল শেৱালী  পৰে হালি হালি
 ফুলতৰে ভাগে ডাল৷
হেনয় শোশুন বিচিত্ৰ উদ্যান,
 ফুল তথা সৰ্ব্বকাল ॥
যত মনোহৰ মন্দাৰ কুসুম
 পাৰিজাত তথা আছে।
স্থল অভিনয় কুসুম পল্লৱ
 দেখি তাল গাছে গাছে॥
ভাত কল্পতৰু আছয় অগৰু
 শুনা তাত কোন কথা।
মহাতৰুবৰ  মাগি পইলা বৰ
 মনে অভিলাষী তথা॥
বসন্ত মিলিল  আষাৱে কোকিল,
 বহয় মলয়া বাৱ।
ভ্ৰমৰা গুঞ্জৰি চিত্ত চুৰি কৰি,
 কোকিলে তেজিলা ৰাৱ॥
দাৰুণ বিৰাহে শৰীৰে নসহে
 যতেক বিৰাহী জন৷
পাঞ্চ পাঞ্চ বাণে দুঃসহ সন্ধানে
 হৃদয়ে দহে মদন॥
দেৱ সঙ্কৰৰ চাৰু গিৰিবৰ
 ৰত্নময় মহাথান৷
থিৰতৰ মনে নানা সিধগনে,
 কৰন্ত যোগ ধিয়ান॥