পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৯
মহাভাৰত।

কমলা কপুৰা যেন চেনিচুড়া
 স্বাদত আমোলমোল। '
পড়ণ্টা কণ্টুক  আছে জোক জোক ,
 দৰশনে হোৱে ভোল॥
দেবতাৰি লিয়া  ৰেঙ্গুয়া মুৰিয়া
 জোন্টা ফল জৰা ফল।
নানা ফল ছয়  বৃক্ষত শোভয়
 কত নাম কৈবো তাৰ॥
শীতল নিৰ্ম্মল  সৰোবৰে জল,
 বুৰো বুৰো কৰে তীৰ।
আছে স্নান পানি  দেখি সুস্থ মন,
 নিৰ্ম্মল মন শৰীৰ॥
অমল কমল  সুকোমল দল,
 ফুলি ফুলি ডাল শোভে।
পৰি মধুকৰ  গুঞ্জে ৰুচিকৰ,
 তাৰ মধু পান লোভে॥
ভ্ৰমে জাকে জাক  হংস চক্ৰবাক,
 জলচৰ পক্ষীগণ।
ক্ষণে ক্ষণে উৰি  ফুৰি ফুৰি পৰি,
 জলত কৰে ক্ৰীড়ণ॥
লবঙ্গ মালতী  ফুলিল সেউতি,
 কুন্দ কুৰুবক জাই।
চম্পা নাগেশ্বৰ  শিৰিষ বিস্তৰ,
 হাত মেলি ফুল পাই॥
ৰাঙ্গণ ৰেৱতী  আছে থুপি থুপি
 তগৰ জয়ন্ত মালী।
ফুলভৰে হালি  পৰে দাল ভাঙ্গি
 ফুলিল বকুল জালি॥