পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কবিৰত্ন সৰস্বতী

মহাভাৰত।

(দ্ৰোণ পৰ্ব্ব)

কৈলাস বৰ্ণনা।

জয় মধুসূদন  নৰক নাশন,
 কংস কেশী নিসূদন।
নিৰাকাৰ হৰি  ভব ভয় হাৰী,
 ভকত জন ৰঞ্জণ॥
মায়া বিভঞ্জন  নমো নাৰায়ণ
 পুৰাণ পুৰুষ হৰি।
ভাৰত কথাৰ  ভনিৰো পয়াৰ,
 তযু পদ অনুসৰি॥
ফটিক প্ৰকাশ  হৰৰ কৈলাস,
 জ্বলে নানা ৰত্নময়।
অজ্ঞান বাঢ়ক  দেখি পৰতেক,
 অনেক বৃক্ষ নিচয়॥
আম যাম চাম  আতি অভিৰাম,
 শাল তাল ভাল দেখি।
ফুলিল কণ্টকী  সুবৰ্ণ কেতকী,
 ফুল মধ্যে যাক লেখি॥
গুৱা নাৰিকল  জৰা পনিয়ল,
 লেতেকু টেঙ্গা দাড়িম্ব।
যোলেঙ্গ মধুৰী   আছে ডাল ভৰি,
 ৰসে টুপ টুপ জিম্ব॥