পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৯
দেৱজিত ৷

হৰৰ আগত যাই পৰি শৰে শৰ৷
অৰ্জ্জুনৰ অৰ্থে শৰে কৰয় কাতৰ॥ ৯২৬
মহেশক চাই অৰ্জ্জুনৰ সৰ শৰ।
কৃপা কৰা দৈাষ প্ৰভু ক্ষমা অৰ্জ্জুনৰ॥
এহি বুলি প্ৰণাম কৰিলা সবে শৰ।
শীঘ্ৰে পশিলন্ত আসি তৃণে অৰ্জ্জুনৰ॥ ৯২৭
বায়ুবেগে পলাই যায় গগনৰ কাছে।
থাকিলা লুকাই হৰ ব্ৰহ্মাৰ যে পাচে॥
অৰ্জ্জুনৰ শৰে হৰ বাতুল পৰায়।
মহাভয়ে কম্পয় হবৰ সৰ্ব্ব কায়॥৯২৮
ব্ৰহ্মায়ে দেখন্ত হৰৰ গাৱ নোহে থিৰ।
অৰ্জ্জুনক ভয়ে কম্পে হৰৰ শৰীৰ॥
হৰক সম্বুধি ব্ৰহ্মা বুলিলা বচন।
কিসক কৰাহা ভয় দেৱ ত্ৰিলোচন॥ ৯২৯
পূৰ্ব্বে মোৰ বাক্য নুশুনিলা মহেশ্বৰ।
অৰ্জ্জুনক দিলা যাই দুৰ্ঘোৰ সমৰ॥
যদি তুমি আমি চৰাচৰে দেওঁ ৰণ।
বলে নোৱাৰিবোঁ মই বুলিলোঁ বচন॥৯৩০
মহেশ বদতি শুনা দেৱ পশুপতি।
অৰ্জ্জুনে কৰিলা ৰণে মোক বিসঙ্গতি॥
অঙ্গীকাৰ ছন্ন দেখি আত নাই ডৰ।
আতে থাকি ৰণ চাওঁ ইন্দ্ৰ অৰ্জ্জুনৰ॥ ৯৩১
এহি বুলি ব্ৰহ্মাৰ আগত মহেশ্বৰ।
মহাৰঙ্গে থাকি হৰ বৃষভ উপৰ॥
অৰ্জ্জুনক ভয় এৰি দেৱ মহেশ্বৰ।
থাকিলন্ত হৰ বসি গগন ভিতৰ॥৯৩২
অৰ্জ্জুন ৰহিলা পাচে শাৰঙ্গক ধৰি।
যেন হাতে চক্ৰ ধৰি থাকিলা শ্ৰীহৰি॥
সেহি মতে ধনঞ্জয় জ্বলন্ত বিৰিঙ্গ।
ভয় ভীত নাই যেন প্ৰমত্ত মাতঙ্গ॥ ৯৩৩